ETV Bharat / state

মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - অসমৰ স্বাস্থ্য বিভাগ

বিধস্ত স্বাস্থ্যখণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অসমৰ স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰে বৈঠক ৷ প্লাষ্টিকৰ বটলেৰে নিৰ্মিত অংগনবাদী কেন্দ্ৰৰ প্ৰশংসা মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

Majuli visit of CM Sarbananda Sonowal majuli assam etv bharat news
প্লাষ্টিকৰ বটলেৰে নিৰ্মিত অংগনবাদী কেন্দ্ৰ
author img

By

Published : Jan 6, 2021, 1:41 PM IST

মাজুলী,6 জানুৱাৰী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে মাজুলী ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডৰ উন্নয়ন সন্দৰ্ভত বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ৷ প্ৰধান সচিব সমীৰ সিন্হাৰ নেতৃত্বত অহা বিভাগীয় উচ্চস্তৰীয় দলটোত আছিল এনএইচএমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষক ৷ প্ৰসূতি আৰু শিশুৰ স্বাস্থ্যৰ সু-ব্যৱস্থা, চিকিৎসালয়ৰ উন্নীতকৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি আদিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত আলোচনা কৰে ৷

মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এতিয়াৰে পৰা মাজুলীত ৰাজ্যিক স্বাস্থ্য সেৱাৰ অধীনত স্ত্ৰীৰোগ, শিশু আৰু এনাস্থেছিয়াৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা চিকিৎসকৰ দলক নিয়োজিত কৰি মাজুলীবাসীক সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ এনে একোটা দলে তিনিমাহ বাহৰ পাতি চিকিৎসা সেৱা প্ৰদান কৰাৰ পাছত নতুন দল আহিব ৷ তদুপৰি প্ৰতিটো সপ্তাহত দুদিনৰ বাবে যোৰহাট আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকৰ একোটাকৈ দল মাজুলীলৈ আহিব ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি গড়মূৰৰ জিলা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনটো ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি কৰাৰ লগতে জানুৱাৰীৰ শেষভাগৰ পৰা মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা আৰম্ভ কৰা হ'ব ৷ শাসনভাৰ চম্ভালাৰ চাৰে চাৰি বছৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে স্বাস্থ্যখণ্ডৰ প্ৰতি গুৰুত্ব দিয়া কাৰ্য একপ্ৰকাৰৰ নিৰ্বাচনী চমক বুলি অভিহিত কৰিছে একাংশই ৷

আনহাতে, পাৱনাগাঁৱত অসমৰ প্ৰথমতো প্লাষ্টিকৰ পেলনীয়া বটলৰ দ্বাৰা নিৰ্মিত অংগনবাদী কেন্দ্ৰটো উদ্বোধন কৰি মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

লগতে চাওকঃ গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.