ETV Bharat / state

খৰালি কালতো চপৰা চপৰে খহিছে মাজুলী : চূড়ান্তৰূপে ব্যৰ্থ ব্ৰহ্মপুত্ৰ বোৰ্ড

author img

By

Published : Feb 25, 2020, 9:43 PM IST

মাজুলীক সুৰক্ষা প্ৰদানত চূড়ান্ত ব্যৰ্থ হৈছে ব্ৰহ্মপুত্ৰ বোৰ্ড ৷ বুমেৰাং হৈ পৰা মাজুলী ভৌগলিক সুৰক্ষা আঁচনিৰ বাবেই খৰালি কালতো চপৰা চপৰে খহিছে মাজুলীৰ মাটি ৷ কিন্তু বৰ্তমানলৈ কোনো কানসাৰ নাই সংশ্লিষ্ট বিভাগৰ ৷

খৰালি কালতো চপৰা চপৰে খহিছে মাজুলী : চূড়ান্তৰূপে ব্যৰ্থ ব্ৰহ্মপুত্ৰ বোৰ্ড
খৰালি কালতো চপৰা চপৰে খহিছে মাজুলী

মাজুলী, 25 ফেব্ৰুৱাৰী : 2004 চনতে ব্ৰহ্মপুত্ৰ বোৰ্ডক মাজুলীৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ শালমৰাৰ পৰা দক্ষিণপাটলৈ ২৩৭ কোটি টকাৰে জিঅ বেগ স্থাপনৰ ঠিকা প্ৰদান কৰা হৈছিল টি কে ইঞ্জিনীয়াৰিং কোম্পানীক ৷ 18 মাহতে কাম সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়া কোম্পানীটোৱে 3 বছৰে সম্পন্ন কৰিব নোৱাৰিলে নিজৰ কাম ৷ বিগত বৰ্ষত কোটি টকাৰে মেৰামতি কৰা অফলামূখ ৪নং শৈলস্পাৰটো বাৰিষাই বিধ্বস্ত হয় ৷ ইয়াৰ উপৰিও এই খৰালি কালটো শালমৰাত সৃষ্টি হৈছে ব্যাপক খহনীয়া ৷ একমাত্ৰ ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু টি কে কোম্পানীৰ অদক্ষতাৰ বাবেই এতিয়া 800ৰো অধিক পৰিয়াললৈ ভাবুকি আনিছে খহনীয়াই ৷

বিগত 19 জুলাইত মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে এই স্থান পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়াসকলক তৎকালীনভাৱে কাম সম্পন্ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ছমাহ পিচটো বোৰ্ডে ইয়াক লৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ আনহাতে বাৰিষা কালত এই স্থানত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷ বিগত বৰ্ষত ভকত চাপৰিৰ গৰুখুটি অঞ্চলত প্ৰায় দুশ মিটাৰ বেংক ৰিবেটমেন্ট আঁচনি ব্ৰহ্মপুত্ৰৰ সোঁতে খহাই নিয়াৰ লগতে খহনীয়াত জাহ গৈছে ২৩৭ কোটি টকীয়া অভিলাষী আঁচনিৰ জিঅ বেগ ৷ ব্ৰহ্মপুত্ৰ বোৰ্ডে টি কে ইঞ্জিনিয়াৰিং কোম্পানীৰ যোগেদি ব্ৰহ্মপুত্ৰৰ পাৰত ২৭ কিলোমিটাৰ অংশত বেঙ্ক ৰিবেডমেণ্টৰ কাম কৰি আছে যদিও খৰালি মাহতো খহনীয়াত জাহ গৈছে মাজুলীৰ মাটি ৷ ঠিকাদাৰ প্ৰতিস্থানটোৱে জিঅ বেগত বালিৰ পৰিবৰ্তে মাটি ভৰোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । কোম্পানীটোৱে শালমৰাত কৃত্ৰিম চালামী সাজি জিঅ বেগ স্থাপনৰ কাম অব্যাহত ৰাখিছে যদিও এয়াও বিজ্ঞানসন্মত নহয় ৷ কোম্পানীটোৱে আঁচনিৰ অধীনত শালমৰা জিঅ পইন্টৰ পৰা 1 কিলোমিটাৰ কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই ৷ অতি স্পৰ্শকাতৰ 1 আৰু 3 নং স্পাৰৰ মাজৰ অংশত কাম আৰম্ভই কৰা নাই কোম্পানীটোৱে ৷ বিগত 4 জানুৱাৰীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এটা পৰিদৰ্শনকাৰী দলে শালমৰা অঞ্চল পৰিভ্ৰমণ কৰিছিল যদিও দলটোৰ এই যাত্ৰা এক ভেকোভাওনা আছিল বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷ এনে পৰিপ্ৰেক্ষিতত বোৰ্ড আৰু টিকে কোম্পানীৰ শালমৰা আৰু অফলামুখৰ আঁচনিৰ ৰেহৰূপ দেখি আশ্বৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অতিকে স্পৰ্শকাতৰ এই অঞ্চলটোত আঁচনি ৰূপায়নৰ তদাৰক কৰিবলৈ চৰকাৰ আৰু মাজুলী প্ৰশাসনক সজোৰে দাবী জনাইছে মাজুলীবাসী ৰাইজে ৷

খৰালি কালতো চপৰা চপৰে খহিছে মাজুলী : চূড়ান্তৰূপে ব্যৰ্থ ব্ৰহ্মপুত্ৰ বোৰ্ড

ব্ৰহ্মপুত্ৰ ভয়াৱহ খহনীয়াৰ পৰা মাজুলীক ৰক্ষা কৰিব নোৱাৰা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিফলতাৰ পিচত এতিয়া একমাত্ৰ ভগৱানকেই সাৰথি হিচাপে লৈছে মাজুলীবাসীয়ে ৷ যাৰ বাবে আজি ব্ৰহ্মপুত্ৰৰ পাৰত পূজা অৰ্চনা কৰে মাজুলীবাসী ৰাইজে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.