ETV Bharat / state

Case filed against Satradhikar Janardan: আৰ এছ এছৰ সমৰ্থনপুষ্ট জনাৰ্দন দেৱ গোস্বামী

author img

By

Published : Oct 28, 2022, 4:54 PM IST

বিতৰ্কিত সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ তৰিলে মাজুলী জিলা সত্ৰ মহাসভাই(Satradhikar Janardan Deva Goswami)। আৰক্ষী অধীক্ষকৰ ওচৰত তৰিলে গোচৰ ।

majuli-satro-mahasabha-filed-case-against-satradhikar-janardandeva-goswami
Case filed against Satradhikar Janardan: আৰ এছ এছৰ সমৰ্থনপুষ্ট জনাৰ্দন দেৱ গোস্বামী!

মাজুলী, ২৮ অক্টোবৰ: কেইটামান দিন পূৰ্বে মাজুলী দক্ষিণপাট গৃহশ্ৰামী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়ে মাজুলীত দূৰ্গা পুজা পাতিম আৰু শংকৰদেৱৰ ওপৰত প্ৰদান কৰিছিল বিৰূপ মন্তব্য(Satradhikar JanardanDeva Goswami) । যাক লৈ মাজুলীৰ লগতে সমগ্ৰ অসমতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । বিভিন্ন জনে বিভিন্ন ধৰণে সত্ৰীয়াগৰাকীক সমালোচনা কৰা পৰিলক্ষিত হৈছিল(Dakhinpat Satra Majuli)৷ সমান্তৰালভাবে সত্ৰীয়াগৰাকীৰ বিৰুদ্ধে চৌদিশে উচ্চাৰিত হৈছিল ধিক্কাৰ ধ্বনি ।

শংকৰদেৱ সন্দৰ্ভত আগবঢ়োৱা অপমানজনক মন্তব্যক লৈ জাঙুৰ খাই উঠিছিল মাজুলী জিলা সত্ৰ মহাসভাৰ লগতে ৰাজ্যৰ ভিন্নজন(Srimanta Sankardev) । মাজুলী জিলা সত্ৰ মহাসভাই এখন ৰাজহুৱা সভা আয়োজন কৰি জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছিল ৷ ইয়াৰ পাছতেই গুৰুজনাৰ প্ৰতি কৰা অপমানসূচক মন্তব্যৰ বাবে পৰাগ কলিতা নামৰ এজন ব্যক্তিয়ে জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে গড়মূৰ থানাত গোচৰ তৰে(Case filed against Satradhikar JanardanDeva Goswami) ।

তদুপৰি সত্ৰ মহাসভাই জনাৰ্দন দেৱ গোস্বামীক ক্ষমা খুজিবৰ বাবে ৪৮ ঘন্টা সময় নিৰ্ধাৰণ কৰি দিছিল । ৪৮ ঘন্টা উকলি গ'ল যদিও নিজৰ ভুল স্বীকাৰ নকৰিলে জনাৰ্দন দেৱ গোস্বামীয়ে আৰু সত্ৰ মহাসভাৰ ওচৰত ক্ষমা খোজা পৰিলক্ষিত নহ'ল । ৪৮ ঘন্টা পাৰ হৈ যোৱা পিছত আজি বহু কেইখন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে মাজুলীৰ বিভিন্ন দল-সংগঠনে জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে স্বাক্ষৰ সংগ্ৰহ কৰে আৰু সত্ৰ মহাসভাৰ মাজুলী জিলা সমিতিয়ে গোচৰ তৰে বিতৰ্কিত জনাৰ্দন দেৱ গোস্বামীৰ ওপৰত(Majuli satro mahasabha filed case against Satradhikar Janardan Deva Goswami) । মাজুলী আৰক্ষী অধীক্ষকৰ ওচৰত জিলা সমিতিয়ে তৰে এই গোচৰ ।

উল্লেখ্য যে, দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়ে প্ৰথমে মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগে বুলি আগবঢ়াইছিল বিতৰ্কিত মন্তব্য ৷ এই মন্তব্যৰ পাছতে সত্ৰাধিকাৰজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছিল ৰাজ্যবাসী ৷ এই বিতৰ্কৰ অৱসান নৌহওঁতেই মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ(Srimanta Sankardev) সন্দৰ্ভতো বিতৰ্কিত মন্তব্য আগবঢ়ায় বিতৰ্কিত সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়ে ।

লগতে পঢ়ক: Pathetic condition in Govt school: স্বাধীনতাৰ 75 বছৰ পাছতো নাৱেৰে বিদ্যালয়লৈ আহে শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.