ETV Bharat / state

Majuli raas: ৰাজধানীত ৰাস, উজলিব মাজুলীৰ মুখাশিল্প

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:21 PM IST

মাজুলীৰ মুখাশিল্প আজি বিশ্ববিখ্যাত ৷ মাজুলীৰ সমান্তৰালকৈ দিল্লীতো চলিছে এইবাৰ ৰাসৰ প্ৰস্তুতি ৷ ৰাসৰ মঞ্চত জিলিকিব মাজুলীৰ মুখা ৷ সবিশেষ আগলৈ-

Majuli raas Majuli mask art will be used in the Raas to be held in Delhi
দিল্লীতো চলিছে এইবাৰ ৰাসৰ প্ৰস্তুতি
দিল্লীতো চলিছে এইবাৰ ৰাসৰ প্ৰস্তুতি

মাজুলী, 20 অক্টোবৰ : সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাৰ হৈ-চৈ ৷ দুৰ্গা পূজা অনুষ্ঠিত নকৰা মাজুলীতো এইবাৰ দেখা গ’ল মহালয়াৰ যথেষ্ট ভিৰ ৷ কিন্তু এতিয়া মাজুলীৰ পৰা বকাসুৰ, পুতনা ওলাইছে দিল্লীলৈ, লগত সংগ দিছে অনন্ত-কালিনাগে ৷ এই বছৰ দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হ’ব ৰাস ৷ গুৰগাঁৱক ৰাসত ৰাসত কথা ক’ব মাজুলীৰ মুখাই ৷

সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ বিপৰীতে দুৰ্গা পূজাবিহীন সত্ৰ নগৰী মাজুলীত চলিছে ৰাসৰ প্ৰস্তুতি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্বৰ্ণিল ঐতিহ্যৰ বৰ্ণিল ৰূপ পোৱা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ বকাসুৰ, অনন্ত, কালিনাগ, পুতনা, চক্ৰবাটকে ধৰি মুখাসমূহ মাজুলীৰ পৰা লৈ যোৱা হৈছে দিল্লীলৈ ৷ দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হ’ব লগা ৰাসত কথা ক’ব মাজুলীৰ এইসমূহ মুখাই ।

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ ভৱানন্দ বৰবায়নৰ তত্ত্বাৱধানত ৫ নৱেম্বৰত ‘কেশৱ কৰত কেলি’ শীৰ্ষক নাটক অভিনয়ত ব্যৱহাৰ কৰা হ’ব এইসমূহ মুখা ৷ সেই উদ্যেশ্যেই শুকুৰবাৰে মাজুলীৰ নতুন চামগুৰি সত্ৰৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছে এই মুখাসমূহ ৷ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীৰ তত্ত্বাৱধানত হৰেন গোস্বামী, খগেন গোস্বামী, কৃষ্ণকান্ত বৰা, দিব্যজ্যোতি গোস্বামী, অন্তত কলিতা, প্ৰণৱ বৰা, ভাস্কৰজ্যোতি গোস্বামী আৰু অৰুণ বৰাৰ হাতৰ পৰশত এমহীয়া প্ৰচেষ্টাত প্ৰাণ পায় উঠিছে এইসমূহ মুখাই ৷ মাজুলীত পূজাৰ বন্দনাৰ সলনি শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদযাপনৰ বাবে ব্যস্ত মাজুলী মুখা শিল্পীসকল । মাজুলীৰ এইসকল মুখা শিল্পীৰ আহ্বান যাতে সকলোৱে এই মুখা শিল্পক আগবঢ়াই নিয়ে ।

লগতে পঢ়ক : Majuli Music Festival controversy:মই যদি বেয়া কাম কৰিছো ভগৱানে মোক চাপৰ্ট নিদিব-মুকুল দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.