মাজুলী, 16 নৱেম্বৰঃ শৰতৰ পূৰ্ণিমাৰ জোনাকে যেন প্ৰতি নিশাই জিলিকাই ৰাখিছে মাজুলীৰ বুকু ৷ আধ্যাত্মিক ৰাসৰ সমান্তৰালকৈ শুকুৰবাৰৰ পৰা মাজুলীত আৰম্ভ হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ মাজুলীত এতিয়া সাংস্কৃতিক ফিউজন ৷ এফালে পৰম্পৰা আৰু আনফালে আধুনিকতাৰ স্পৰ্শ ৷ উত্তৰ কমলাবাৰী সত্ৰত মণিপুৰ আৰু উত্তৰ প্ৰদেশৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ৰাস লীলাৰ দৃশ্যই শুকুৰবাৰে মন্ত্ৰমুগ্ধ কৰি তোলে প্ৰতিজন ৰাস প্ৰেমিকক । সংগীত আৰু নৃত্যৰ সংমিশ্ৰনেৰে মাজুলীৰ ৰাসশৈলীৰ সম্পূৰ্ণ বিপৰীত এই ৰাসলীলাৰ প্ৰদৰ্শনেৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে দুই ৰাজ্যৰ শিল্পীসকলে ৷
আনহাতে, শুকুৰবাৰৰ পৰাই মাজুলীৰ খেৰকীয়া নৈৰ বৰপমুৱা গাঁৱৰ বালিছৰত আৰম্ভ হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ প্ৰথমবাৰৰ বাবে মাজুলীৰ লোক বাদ্য-লোক কৃষ্টি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰ লোক সংগীতক অন্য স্থানৰ সংস্কৃতিক জগতত পৰিচয় কৰাই দিয়াৰ চিন্তাৰে আৰম্ভ হৈছে এই সাংস্কৃতিক মহোৎসৱৰ ৷ তিনিদিনীয়া কৈ অনুষ্ঠিত এই উৎসৱত শুকুৰবাৰে মাজুলী তথা স্থানীয় শিল্পী অনুষ্ঠানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰৰ বহুকেইটা জনপ্রিয় ব্ৰেণ্ডে আকৰ্ষণীয় সংগীত প্ৰদর্শন কৰে ৷ ইয়াৰ মাজতেই আকৌ শ্ৰী শ্ৰী আউনীআটি সত্ৰত চাৰিদিনীয়া কৈ অনুষ্ঠিত হোৱা পৱিত্ৰ পালনামৰ আজি সমাপ্তি পৰিব ৷ সেয়েহে পালনামত সেৱা ল’বলৈ দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিছে আউনীআটি সত্ৰৰ বাকৰি ৷ এনেদৰেই এতিয়া ভক্তি আৰু সাংস্কৃতিক ৰসেৰে ৰঙীন হৈ পৰিছে সত্ৰ ভূমি মাজুলীৰ পৰিৱেশ ৷