ETV Bharat / state

অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী,মাজুলীত ৰাইজৰ প্ৰতিবাদ - উজনি মাজুলী উন্নয়ন খণ্ড

এই আঁচনিৰ হিতাধিকাৰীৰ তালিকা ৰাইজে প্ৰস্তুত কৰি দিয়াৰ পাছতো কিছুমান মধ্যভোগী নেতাই প্ৰাপ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি টকাৰ বিনিময়ত আঢ্যৱন্ত আৰু নিজৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

majuli-protest
অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী, মাজুলীত ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Oct 12, 2020, 10:48 PM IST

মাজুলী, 12 অক্টোবৰ : ৰাজ্য চৰকাৰে নতুন কৈ আৰম্ভ কৰিবলৈ লোৱা অৰুণোদয় আঁচনিখনৰ পৰা বঞ্চিত হৈছে বিধবা, শাৰীৰিক ভাৱে সক্ষম আৰু মাটি সম্পত্তি নথকা বহুতো মহিলা। এই অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ ৰঙাচাহী গাঁও পঞ্চায়তৰ লগতে বহুকেইখন গাঁও পঞ্চায়তৰ বহুকেইটা ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় কেইটা গাঁও পঞ্চায়তত এই আঁচনিৰ তালিকা প্ৰস্তুতত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

majuli-protest
অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী, মাজুলীত ৰাইজৰ প্ৰতিবাদ

অভিযোগ অনুসৰি,তালিকাখন স্থানীয় পঞ্চায়তে প্ৰস্তুুত কৰা তালিকাৰ পৰা প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি পঞ্চায়তৰ নেতা পালিনেতাৰ পৰিয়ালৰ নাম অন্তৰ্ভূক্ত হৈছে । য'ত বিধৱা মহিলা,শাৰীৰিকভাৱে সক্ষম লোকৰ নাম তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ উঠিছে। যাৰ কাৰণে প্ৰকৃত হিতাধিকাৰী সকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ।

এই আঁচনিৰ হিতাধিকাৰীৰ তালিকা ৰাইজে প্ৰস্তুত কৰি দিয়াৰ পাছতো কিছুমান মধ্যভোগী নেতাই প্ৰাপ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি টকাৰ বিনিময়ত আঢ্যৱন্ত আৰু নিজৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: নিলম্বনৰ তালিকাত বিজেপিমুখী কংগ্ৰেছ বিধায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.