ETV Bharat / state

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী নিমাতীৰ ফেৰী সেৱা - বিপদসীমাৰে ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলৰাশি

ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ বিপদসীমাৰে ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলৰাশি ৷ ফলত মাজুলী জিলা প্ৰশাসনে বন্ধ কৰি দিছে মাজুলী-নিমাতী ফেৰী সেৱা (Ferry service suspended in Majuli) ৷

Ferry service suspended in Majuli
অনিদিষ্ট কাললৈ বন্ধ হ’ল মাজুলী নিমাতীৰ ফেৰী সেৱা
author img

By

Published : May 19, 2022, 1:40 PM IST

মাজুলী, 19 মে’ : ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে । উজনিৰ পৰা নামনিলৈকে চলিছে বানৰ তাণ্ডৱ । নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ-উপনৈসমূহ ৷ বিপদসীমাৰে ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলৰাশি ৷ ফলত পুনৰবাৰ বন্ধ কৰি দিয়া হৈছে মাজুলী-নিমাতী ফেৰী সেৱা (Ferry service suspended in Majuli) ৷

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত দুদিন ধৰি বন্ধ হৈ আছিল মাজুলী নিমাতীৰ মাজত চলাচল কৰা এই ফেৰী সেৱা । বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত পুনৰ এই ফেৰী সেৱা আৰম্ভ হৈছিল ৷

কিন্তু সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলৰাশি ক্ৰমাৎ বৃদ্ধি পোৱাত মাজুলী জিলা প্ৰশাসনে বৃহস্পতিবাৰে পুৱাৰে পৰা পুনৰ বন্ধ কৰি দিয়ে মাজুলী নিমাতীৰ ফেৰী সেৱা (Majuli Nimatighat ferry service suspended for indefinite time) ৷

কিয়নো বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ফেনে-ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । যাৰ ফলতেই মাজুলী জিলা প্ৰশাসনে তৎকালীনভাৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

লগতে পঢ়ক : অনিদিষ্ট কালৰ বাবে বন্ধ মাজুলী নিমাতী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.