ETV Bharat / state

সংগীত মহোৎসৱ নে সুৰা মহোৎসৱ ? - Majuli Music Festival 2023

মাজুলী সংগীত মহোৎসৱত চলিছে কি ? মাজুলী সংগীত মহোৎসৱ নে সুৰা মহোৎসৱ প্ৰশ্ন মাজুলীবাসীৰ । মাজুলীক বদনাম কৰাক লৈ ক্ষুণ্ণ সত্ৰাধিকাৰ, সত্ৰীয়া, দল সংগঠন, বিধায়ক ।

Majuli Music Festival 2023
মাজুলী মিউজিক ফেষ্টিভেল ২০২৩
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:02 PM IST

মাজুলী মিউজিক ফেষ্টিভেল ২০২৩

মাজুলী, ২৫ নৱেম্বৰঃ মাজুলীত ৰাসৰ পূৰ্ণ প্ৰস্তুতিৰ মাজতে আৰম্ভ হৈছে মিউজিক ফেষ্টিভেল ৷ মাজুলীৰ খেৰকটীয়া নদীৰ পাৰত কালিৰে পৰা অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ মাজুলী- লখিমপুৰ সীমান্তৱৰ্তী খেৰকটীয়া নৈ পাৰত তিনিদিনীয়াকৈ চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল ২০২৩ । পিছে মিউজিক ফেষ্টিভেল আৰম্ভ হোৱাৰ পিচতেই এতিয়া চৌদিশে সুৰাৰ অবাধ প্ৰচলনক লৈ চৰ্চা চলিছে । মাজুলী সংগীত মহোৎসৱৰ নামত কি চলিছে বুলি ৰাইজে আয়োজকসকলক প্ৰশ্ন উত্থাপন কৰিছে ।

কালিৰ প্ৰথম দিনটোত দেখা গ'ল হাজাৰ হাজাৰ দৰ্শকক । ইয়াৰ মাজতেই এই বছৰৰ মাজুলী মিউজিক ফেষ্টিভেলৰ নামত চলিছে কি তাক লৈ প্ৰশ্ন উঠিছে মাজুলীত । এইবছৰ মাজুলী মিউজিক ফেষ্টিভেলত সুৰাৰ মুকলি বেহা হোৱা দেখা গৈছে । ইয়াৰ উপৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰতীক থকাৰ পাছতো মাজুলী মিউজিক ফেষ্টিভেলত বিভিন্ন সুৰাৰ বিজ্ঞাপন দেখাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল-সংগঠনে । এতিয়া মাজুলীৰ সকলোৰে প্ৰশ্ন মাজুলীৰ নাম লৈ সুৰাৰ মুকলি বেহা কৰা এইটো মাজুলী মিউজিক ফেষ্টিভেল নে সুৰা ফেষ্টিভেল ।

উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী জনাইছে । ইপিনে, মাজুলীৰ বিধায়ক ভুৱন গামে এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মাজুলীবাসীয়ে সংগীত মহোৎসৱ পতাক লৈ মাজুলী ৰাইজৰ আপত্তি নাই, কিন্তু মাজুলী সংগীত মহোৎসৱ নাম দি সুৰা মহোৎসৱ অনুষ্ঠিত কৰা কাৰ্য গৰিহণাৰ যোগ্য় ।

আনহাতে,মাজুলীৰ ভিন্ন দল-সংগঠনেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । সুৰাৰ প্ৰচলনৰ বাবে মাজুলীৰ নাম লৈ এই মহোৎসৱ অনুষ্ঠিত কৰা হ'ল নেকি বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে । সত্ৰপীঠ তথা সুৰামুক্ত মাজুলীত এনেদৰে সুৰা প্ৰচলন কৰি সংগীত মহোৎসটোৱে বিশ্ব দৰবাৰত মাজুলীক কি দৰে উপস্থাপন কৰিব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

লগতে পঢ়ক:কাইলৈ ৰাস পূৰ্ণিমা; সাজু নামনি মাজুলীৰ নলদোৱাৰ যুৱক কৃষ্টি সংঘ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.