ETV Bharat / state

Majuli man turns 105 years old: ১০৫ বছৰীয়া ককাৰ জন্ম দিন পালন - majuli man banshidhar dutta turns 105 years old

মাজুলীত ১০৫ বছৰীয়া ককাৰ জন্ম দিন পালন ৷ গড়মূৰ কেৰেলা গাঁৱৰ বংশীধৰ দত্ত ককাই পাৰ কৰিলে ১০৫ টা বসন্ত (Majuli man Banshidhar Dutta turns 105 years old) ৷ মাজুলীৰ বিভিন্ন স্থানৰ জ্যেষ্ঠ পৰা কনিষ্ঠজনে ককাৰ ঘৰত আহি জনালে জন্মদিনৰ শুভেচ্ছা ৷ জন্ম দিনত ককাই মনত পেলালে একালৰ ভাতৃসুলভ সৰ্বানন্দ সোণোৱালকো ৷

Happy Birthday Banshidhar Dutta
মাজুলীত ১০৫ বছৰীয়া ককাৰ জন্ম দিন পালন
author img

By

Published : Jan 4, 2022, 10:38 PM IST

মাজুলী, 4 জানুৱাৰী : মুখা শিল্পৰ বাবে পুৰস্কৃত হোৱা মাজুলীৰ প্ৰথম গৰাকী মুখা শিল্পী বংশীধৰ দত্তৰ আজি ওপজা দিন ৷ সময়ৰ সোঁতত ১০৫ টা বসন্ত পাৰ কৰিলে মাজুলীৰ কেৰেলা গাঁৱৰ বংশীধৰ দত্ত নামৰ এগৰাকী ককাই (Majuli man Banshidhar Dutta turns 105 years old) ৷ একালৰ শিক্ষক, শিল্পী তথা কৃষক ককাৰ জন্মদিনত বিভিন্নজনে জনালেহি শুভেচ্ছা । ১০৫ বছৰৰ বয়সতো আজিও তৰুণ এইজন ককাজন (Majuli man turns 105 years old) ।

অসীম মনোবলৰ গৰাকী এইজন ককাই ১৯১৮ চনৰ ৪ জানুৱাৰীত জন্ম লাভ কৰিছিল । অসমৰ বিভিন্ন পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা ককাৰ জন্মদিন উপলক্ষে মঙলবাৰে শুভাকাংক্ষী ভৰি পৰিল তেওঁ বাসগৃহ । গামোচা চেলেঙেৰে বিভিন্নজনে কাক জনালে জন্মদিনৰ শুভেচ্ছা ।

মাজুলীত ১০৫ বছৰীয়া ককাৰ জন্ম দিন পালন

লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে সু-স্বাস্থ্যবান হৈ থাকক ককা বংশীধৰ দত্ত ।

শিক্ষকতা লগতে কৃষি আৰু মুখা শিল্প লগত জড়িত ককাই নিজৰ সুন্দৰ খাদ্যাভ্যাসৰ বাবেই আজিও সুস্থ হৈ আছে ৷ বেজিয়া দত্ত আৰু আইকন দত্তৰ পুত্ৰ বংশীধৰ দত্তৰ আছে পাঁচ গৰকী জী আৰু তিনিগৰাকী পুত্ৰৰ লগতে নাতি-নাতিনীৰে ভৰপূৰ এখন সুখৰ সংসাৰ । মুখা শিল্পৰে মাজুলীৰ পৰা গৈ দিল্লীত ৰাসলীলাৰ বকাসুৰ চালনা কৰা মাজুলীৰ প্ৰথম গৰাকী মুখা শিল্পী বংশীধৰ দত্ত (Mask artist Banshidhar Dutta)ই প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ পৰা ।

আনহাতে, ককাৰ এই ১০৫ সংখ্যক জন্ম দিনত তেখেতে মনত পেলালে অতিকৈ আপোন আৰু নিজৰ ভাতৃ সুলভ বন্ধু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো (Ex CM Sarbananda Sonowal) । সাংসদ অৰুণ শৰ্মাৰো প্ৰিয় আছিল এই ককা । আনহাতে, তিনিটাকৈ পেঞ্চন লাভ কৰা ককাক (ৰাষ্ট্ৰীয়, ৰাজ্যিক, শিক্ষকতা পেঞ্চন) ইটিভিৰ তৰফৰ পৰাও জনালো জন্ম দিনৰ অযুত শুভকামনা ৷

লগতে পঢ়ক : EV charging station in Jorhat: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বাহন চাৰ্জিং ষ্টেচন মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.