ETV Bharat / state

মাজুলীত "ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্ট"ৰ কৰ্মসূচীৰ শুভাৰম্ভণি - ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্ট

মাজুলীত সৰ্বভাৰতীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংস্থা "ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টে" সম্পন্ন কৰিব প্ৰকল্পৰ কাম । বৃহস্পতিবাৰে মাজুলীত কৰ্মসূচীৰ শুভাৰম্ভণি কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে ।

মাজুলীত ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টৰ কৰ্মসূচীৰ শুভাৰম্ভণি

author img

By

Published : Mar 4, 2021, 5:24 PM IST

মাজুলী, ৪ মাৰ্চ: সমগ্ৰ ভাৰততে ৯টা প্ৰকল্পৰ কাম হাতত লৈছে "ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টে" । ইয়াৰ অংশ হিচাপে অসমৰ মাজুলীতো বৃহস্পতিবাৰে নিজৰ কৰ্মসূচীৰ শুভাৰম্ভণি কৰিলে সৰ্বভাৰতীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংস্থা "ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টে" । মাজুলীৰ ফুলনি ৰংগমঞ্চত কৰ্মসূচী শুভাৰম্ভণি কৰাৰ উদ্দেশ্যেৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

মাজুলীত ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টৰ কৰ্মসূচীৰ শুভাৰম্ভণি

এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে । স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত আগন্তুক দিনত মাজুলীত সৰ্বমুঠ ৯ টা প্ৰকল্পৰ কাম ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিছে সংস্থাটোৰ সদস্যই । কাৰ্বি আংলং জিলাৰ পিছত মাজুলী হৈছে ক'টা এডুকেশ্যনেল এণ্ড চেৰিটেবল ট্ৰাষ্টে কাম আৰম্ভ কৰা অসমৰ দ্বিতীয়খন জিলা । বৃহস্পতিবাৰে স্বেচ্ছাসেৱী সংস্থাটোৱে মাজুলীত মিনি ডিপাৰ্টমেণ্টেল ষ্ট'ৰ শুভাৰম্ভণি প্ৰকল্প কৰে ।

ইয়াৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত ৪০ শতাংশ ৰেহাই দিয়া হ'ব । আনহাতে, সংস্থাটোৰ দ্বিতীয় প্ৰকল্প কৌশল বিকাশ প্ৰকল্পৰ জৰিয়তে ৭০টা বিষয়ত নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ'ব । আগন্তুক দিনত এই প্ৰকল্পসমূহৰ জৰিয়তে মাজুলীৰ দৰিদ্ৰ জনসাধাৰণ উপকৃত হ'ব বুলি সকলোৱে আশা ব্যক্ত কৰিছে ।

লগতে পঢ়ক:চাইনিজ পেন গান আৰু গুলীসহিতে ধৃত এক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.