ETV Bharat / state

বাৰিষা নাহোতেই বিধ্বংসী খহনীয়াত আতংকিত মাজুলীবাসী

author img

By

Published : May 20, 2021, 9:05 PM IST

কমলাবাৰী ফেৰী ঘাটত হোৱা খহনীয়াত ব্ৰহ্মপুত্ৰ বৰ্ড অথবা জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

বাৰিষা নাহোতেই বিধ্বংসী খহনীয়াত আতংকিত মাজুলীবাসী
বাৰিষা নাহোতেই বিধ্বংসী খহনীয়াত আতংকিত মাজুলীবাসী

মাজুলী, 20 মে’: নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে মাজুলীৰ উজনিৰ পৰা নামনি লৈ বাৰিষা নাহোতেই বিধ্বংসী খহনীয়াই আতংকিত কৰিছে মাজুলীৰ নৈপৰীয়া জনতাক ।

ব’হাগৰ প্ৰথমটো বাঢ়নি পানীতে কমলাবাৰী ঘাটত কিছু খহনীয়া হৈছিল যদিও জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বৃহস্পতিবাৰে নিশা কমলাবাৰী ফেৰী ঘাটত হোৱা বিধ্বংসী খহনীয়াই চাৰিখনকৈ দোকান খহাই নিয়াত এতিয়া মুৰে কপালে হাত দিছে ক্ষুদ্ৰ ব্যৱসায়ী সকলে ।

অসমৰ বিভিন্ন প্ৰান্তৰৰ লগত যোগাযোগৰ বাবে সুচল আৰু অতি পুৰণি এই ফেৰী ঘাটটো সৰ্বাংগ সুন্দৰকৈ গঢ়ি তোলাৰ বাবে চৰকাৰে কোটি টকা ব্যয় কৰিছিল ৷ কিন্তু ইয়াৰ সুৰক্ষাৰ দিশত ব্ৰহ্মপুত্ৰ বৰ্ড অথবা জলসম্পদ বিভাগৰ কোনো ধৰণৰ গুৰুত্ব নোহোৱাত প্ৰতিবছৰে বিশাল অংশ নদীৰ বুকুত জাহ গৈছে বুলি কয় স্থানীয় ৰাইজে । বৃহস্পতিবাৰে ১৫-২০ মিটাৰ খহাই নিয়াত ঘাটটো স্থানান্তৰ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক : তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ছাডেন ভিজিট উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.