মাজুলী, 4 মে' : মাজুলীত এজন দৰাৰ মহানুভৱতা ৷ ক’ভিড-১৯ ৰ জটিল সময়ত বিবাহত ক’ভিড প্ৰট'কল মানি ন-কইনাক কাষত বহুৱাই ৰক্তদান কৰিলে দৰাই ৷ মঙলবাৰে মাজুলী জিলাৰ মিলন মধুপুৰৰ গাঁৱৰ সত্যজিৎ বৰা আৰু বোকাখাতৰ কুৰুবাহীৰ ৰিমজিম বৰাৰ মাজত বিবাহ সম্পন্ন হয় । সত্যজিৎ বৰা নামৰ যুৱক জনৰ বিবাহ অনুষ্ঠানত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷
জীৱনৰ বিশেষ দিনটোত ৰভাতলীত আয়োজন কৰিলে ৰক্তদান শিবিৰ ৷ মাজুলী জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু টিম হিউমেনিটীৰ উদ্যোগত আয়োজন কৰা উক্ত ৰক্তদান কাৰ্যসূচীত নিজে ৰক্তদান কৰাৰ লগতে সকলোকে ৰক্তদান কৰি এটি জীৱন বচোৱাৰ দৰে মহান কাম কৰিবলৈ আহ্বান জনায় দৰা সত্যজিৎ বৰাই । এই সন্দৰ্ভত সত্যজিতে অৱগত কৰা অনুসৰি যুগ্ম জীৱনৰ পাতনি মেলাৰ বিশেষ দিনটো ৰক্তদানেৰে অধিক মনত ৰাখিব বিচাৰিছে তেওঁ ৷ বহু বছৰৰ পৰা 'টিম হিউমিনিটি' নামৰ এটি ৰক্তদান অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে দৰাজনে । মাজুলী জিলাত প্ৰথম আৰু অসমৰ দ্বিতীয় বাৰৰ বাবে টিম হিউমেনিটীয়ে সদস্যৰ বিবাহ অনুষ্ঠানত এনেদৰে ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিছে ।
টিম হিউমেনিটীয়ে বিগত ৬ টা বছৰে নিৰবিছিন্নভাৱে ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰি মানৱৰ কল্যাণৰ হকে কাম কৰি আহিছে । আনহাতে মাজুলীত ৰক্তভাণ্ডাৰ স্থাপনৰ এবছৰ হ’ল যদিও আজিকোপতি ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা নাই ৷ যাৰ ফলত বিভিন্ন সময়ত মাজুলীত ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় বুলি জেষ্ঠ চিকিৎসক ডাঃ মানিক মিলিয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক : ভাৰতবৰ্ষত শিক্ষা খণ্ডৰ জৰুৰী অৱস্থা