মাজুলী, 26 অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰস্তুতি চলিছে ৷ চীনা সামগ্ৰী আৰু আতচবাজীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ ৷ কিন্তু তেনে সময়তে মাজুলীৰ এখন বিদ্যালয়ে ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। মাজুলী বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে মাটিৰ চাকি লৈ অঞ্চলটোৰ চৰকাৰী অফিচ,আৰক্ষী চকী,দোকানে দোকানে ঘূৰি মাটিৰ চাকি বিতৰণ কৰিছে ৷ লগতে সকলোকে আতচবাজীৰ পৰা হোৱা বেয়া প্ৰভাৱৰ বিষয়ে অৱগত কৰি প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰীৰে উৎসৱটি উদযাপন কৰিবলৈ আহ্বান জনাইছে। ইপিনে ছাত্ৰ-ছাত্ৰী সকলে নিজেও এই পোহৰৰ উৎসৱ দীপাৱলী পোহৰে উদযাপন কৰা সংকল্প গ্ৰহণ কৰিছে ।
ইয়াৰোপৰি আতচবাজী পৰিহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্লাষ্টিক অথৱা ইলেক্টনিক চাকি ব্যৱহাৰৰ পৰিৱৰ্তে মাটিৰ চাকিৰে পৃথিৱী পোহৰাবলৈ সকলোকে অনুৰোধ জনাইছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷
লগতে চাওকঃ দিপাৱলী উপলক্ষে আখাউৰা ইন্টিগ্ৰেটেড চেকপোষ্টত মিঠাই বিনিময়