ETV Bharat / state

দেওবাৰৰ পৰা মাজুলীত আৰম্ভ হ'ল ফেৰী চলাচল, কিন্তু...

author img

By

Published : Apr 26, 2020, 8:15 PM IST

মাজুলীত পুনৰ ফেৰী চলাচল আৰম্ভ । শনিবাৰে যোৰহাট প্ৰশাসনে ফেৰী সেৱা আৰম্ভ কৰাৰ বিপৰীতে মাজুলী প্ৰশাসনে ই-পাছ থকা যাত্ৰীসকলৰ বাবে দেওবাৰৰ পৰা আৰম্ভ কৰিছে ফেৰী চলাচল সেৱা ৷

পুনৰ মাজুলীত ফেৰী চলাচল আৰম্ভ
পুনৰ মাজুলীত ফেৰী চলাচল আৰম্ভ

মাজুলী, 26 এপ্ৰিল : কোভিড-19ৰ শেহতীয়া পৰিস্থিতিৰ বাবে মাজুলী জিলা প্ৰশাসনে 21 মাৰ্চৰ পৰা মাজুলী-যোৰহাট ফেৰী সেৱা বন্ধ কৰি দিছিল ৷ কিন্তু ই-পাছৰ জৰিয়তে প্ৰতিজন লোককে 3 দিন আন্তঃজিলাসমূহলৈ অহা-যোৱাৰ ব্যৱস্থা কৰি দিছে চৰকাৰে। অৱশ্যে সেই সময়ছোৱাত মাজুলী-যোৰহাট ফেৰী সেৱা আছিল বন্ধ।

পুনৰ মাজুলীত ফেৰী চলাচল আৰম্ভ

উল্লেখ্য যে,শনিবাৰে মাজুলী প্ৰশাসনে মাজুলীৰ পৰা বগীবিল হৈ ৮ খন ৰাজ্যিক পৰিবহন নিগমৰ বাছেৰে ৯০ জন যাত্ৰী যোৰহাটলৈ যাবলৈ অনুমতি দিয়ে । ঠিক একে সময়তে ই-পাছ পোৱা ৪০ জন যাত্ৰীক যোৰহাট প্ৰশাসনে ১৯ খন বাইকসহ টিপকাই নামৰ জাহাজখনেৰে পাৰ হ’বলৈ অনুমতি প্ৰদান কৰে ৷

গতিকে এই ক্ষেত্ৰত যাত্ৰীসকলৰ মনত প্ৰশ্ন হয় যে,যোৰহাট প্ৰশাসনে যদি ই-পাছ থকা যাত্ৰীসকলক জাহাজেৰে পাৰ হ’বলৈ অনুমতি দিব পাৰে তেন্তে মাজুলী প্ৰশাসনে নোৱাৰিলে কিয় ? কিয় হাৰাশাস্তিৰ সন্মুখীন হ'ল এই যাত্ৰীসকল?

অৱশ্যে দেওবাৰে মাজুলীৰ পৰা ৩০ জন ই-পাছ থকা যাত্ৰীক টিপকাই জাহাজখনতে নিয়াৰ ব্যৱস্থা কৰিছে ৷ সম্পূৰ্ণ এমাহ ৬ দিনৰ মূৰত এনেদৰে 3 দিনৰ বাবে চলিছে ই-পাছ থকাসকলৰ বাবে ফেৰী সেৱা ।

লগতে পঢ়ক : গাহৰিৰৰ পিচত এইবাৰ কুকুৰৰ দেহত অচিন ৰোগ শিৱসাগৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.