মাজুলী, 29 এপ্ৰিল : মাজুলী গোৱালগাঁৱৰ বিপুল বৰুৱা নামৰ লোকজনৰ ঘৰত এজন ইছলাম ধৰ্মী লোকক ইফটাৰ কৰোৱা ঘটনাই এতিয়াও ছ'চিয়েল মেডিয়াত তীব্ৰ বিৰ্তক চলি আছে । এখন চেলেং চাদৰ মাটিত পাৰি দি তাতেই ইফটাৰৰ যাৱতীয় সামগ্ৰীসমূহ দিছিল বৰুৱা পৰিয়ালে ৷ বৈষ্ণৱ সকলৰ ত্ৰিবস্ত্ৰৰ ভিতৰত চেলেং খন সজ বস্ত্ৰ অৰ্থাৎ মূলবস্ত্ৰ ৷ সেই চেলেঙখন হিন্দু ধৰ্মৰ বৈষ্ণৱ মাৰ্গৰ ভকত-বৈষ্ণৱে নাম প্ৰসংগৰ লগতে ধৰ্মীয় কাৰ্যত ব্যৱহাৰ কৰে ৷ কিন্তু এতিয়া সেই চেলেং খনক লৈ হোৱা বিৰ্তকই চৰম সীমা পাইছেগৈ ।
ঘটনা অনুসৰি ৰমজানৰ সময়ত মাজুলীত আৱদ্ধ হৈ থকা এজন ইছলামধৰ্মী লোকক মাজুলীৰ গোৱালগাঁৱৰ বিপুল বৰুৱা নামৰ হিন্দু পৰিয়ালে নীতি-নিয়মৰ মাজেৰে ইফটাৰৰ খাদ্য প্ৰদান কৰিছিল । লক্ ডাউনৰ বাবে আৱদ্ধ হৈ থকা মিস্ত্ৰী হিচাপে নিয়োজিত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জেহেৰুলক আপ্যায়নৰ ভিডিঅ' ছ'ছিয়েল মিডিয়াত আপলোড হৈছিল । তাৰ পাচতেই একাংশই প্ৰসংশা কৰাৰ লগতে একাংশই বিতৰ্কমূলক প্ৰতিক্ৰিয়া আৰম্ভ কৰিছিল চেলেং খনৰ ওপৰত ভৰি দিয়াৰ বাবে । পৰিয়ালটো এতিয়া ইমানেই কটু আৰু অসাংবিধানিক শব্দৰ সন্মুখীন হৈ যে, ২৭ তাৰিখৰ পৰা খোৱা লোৱা এৰি দিছে তেওঁলোকে ।
হাতযোৰ কৰি পুনৰ এনে অনাকাংক্ষিত ভূলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি ইমানতে বিৰ্তক শেষ কৰিবলৈ অনুৰোধ জনাইছে বৰুৱাৰ পৰিয়ালে । টেলিফোন আৰু ছ'চিয়েল মিডিয়াত কটু সমালোচনাৰ সন্মূখীন হোৱাতকৈ মৃত্যু হোৱাই ভাল আছিল বুলি মন্তব্য কৰে তেওঁলোকে । চকু পানী টুকি চেলেং খন পাৰি দিয়াতো ভুল বুলি স্বীকাৰ কৰি ক্ষমা বিচাৰিছে বিপুল বৰুৱা পত্নীয়েও ।
আনহাতে, মাজুলী জিলা আৰক্ষী প্ৰশাসনে ছ'চিয়েল মিডিয়াত মন্তব্য কৰা কোনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই যদিও পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে দুজন আৰক্ষী কনিষ্টবল নিযুক্ত কৰিছে । পৰিয়ালটোৱে তীৰ্যক মন্তব্যকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাৰ কথা উল্লেখ কৰিছে । মহন্তৰ ক্ষমা সে ভূষণ, আংশিক ভূল হ'ব পাৰে, কিন্তু পৰিয়ালটোৱে সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰাৰ উদ্দেশ্য আছিল মহান ।
লগতে পঢ়ক : বিশিষ্ট গান্ধীবাদী নেত্ৰী হেম ভৰালীৰ দেহাৱসান