মাজুলী, 11 ছেপ্টেম্বৰঃ মাজুলী জিলাত প্লাষ্টিকৰ কেৰী-বেগ ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে। জনস্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক বাতাবৰণৰ সুৰক্ষাৰ স্বাৰ্থত মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ নৰেণ দাসে 9 ছেপ্টেম্বৰত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা এক আদেশৰ জৰিয়তে তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাখনতে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰে । এই নিষেধাজ্ঞা অনুসৰি জিলাখনত এতিয়াৰে পৰা জৈৱিক-বিয়োজন সম্ভৱ নোহোৱা বা একক ব্যৱহাৰ যোগ্য প্লাষ্টিক কেৰী-বেগৰ ব্যৱহাৰ আৰু বিক্ৰী কৰাটো সম্পূৰ্ণ ৰূপে নিষেধ কৰিছে।
একেটা আদেশতে অতিৰিক্ত জিলা দণ্ডাধীশগৰাকীয়ে এতিয়াৰে পৰা মাজুলী জিলাত ধঁপাত, গুটখাৰ লগতে প্লাষ্টিক পেকেটত ৰখা ধঁপাতজাতীয় সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় আৰু ব্যৱহাৰো নিষিদ্ধ ঘোষণা কৰে । এই দুয়োটা নিষেধাজ্ঞা ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আদেশটোত অতিৰিক্ত জিলা দণ্ডাধীশগৰাকীয়ে ঘোষণা কৰিছে।