মাজুলী,১৪ মাৰ্চ: মাজুলীত দেওবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় । প্ৰকৃতিৰ ৰোষৰ বলি হ'ল দুটাকৈ নিষ্পাপ পশুধন । হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ লগতে বজ্ৰপাত পৰিছিল মাজুলীৰ বিভিন্ন স্থানত । সেই সময়তে পথাৰত চৰি থকা অৱস্থাতে দুটাকৈ গৰুৰ বজ্ৰপাত পৰাৰ ফলত মৃত্যু হয় । গৰু দুটা মাজুলীৰ মুদৈগাঁৱৰ বাসিন্দা নগেন শইকীয়াৰ বুলি জানিব পৰা গৈছে ।
প্ৰকৃতিৰ এনে ভয়ংকৰ ৰূপ দেখি আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । উল্লেখ্য যে, বজ্ৰপাত পৰি প্ৰতি বছৰে কেৱল পশুধন নিধন হোৱাই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু লোকেও প্ৰাণ হেৰুৱাবলগীয়া হয় ।
লগতে পঢ়ক: ৰংগোলী আঁকি বিশ্ব ৰেকৰ্ড গঢ়াৰ দিশে কাছাৰ জিলা প্ৰশাসন