মাজুলী,21 ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত দুৰ্নীতিৰ নগ্ন স্বৰূপ ৷ উদ্বোধনৰ পূৰ্বেই চিমেন্ট,বালি, প্ৰ’টিন লগাই ফাট বন্ধ কৰাৰ চেষ্টা ব্লাড বেংকৰ দেৱালৰ ৷ উল্লেখ্য যে, মাজুলীবাসীৰ বহু আবেদনৰ অন্তত পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত এটি ব্লাড বেংক নিৰ্মাণৰ অনুমোদন প্ৰদান কৰিছিল অসম চৰকাৰে ৷ প্ৰায় ১ কোটি ৫০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হয় এই ব্লাড বেংকটো ৷ কিন্তু উদ্বোধনৰ পূৰ্বেই ব্লাড বেংকৰ দেৱালত স্পষ্ট হৈ পৰিছে ডাঙৰ ডাঙৰ ফাঁট ৷ যাৰ ফলত চিমেন্ট,বালি,প্ৰ’টিন লগাই ফাঁট বন্ধ কৰাৰ চেষ্টা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ আনহাতে,শনিবাৰে মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ পূৰ্বে কৰ্তৃপক্ষই চিকিৎসালয়খন সুন্দৰভাৱে সজাই তোলাৰ উপৰিও ৰোগীসকলক খাদ্যৰ যোগন ধৰিছে ৷
শুকুৰবাবে দিনৰ 1 বাজত বিশেষ হেলিকপ্টাৰেৰে মাজুলী জিলা সদৰ গড়মূৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল ৷ মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ উন্নয়ন প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰে ৷ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ অধ্যক্ষতাত গঠিত সমিতিখনৰ বৈঠকত মাজুলীৰ স্থানীয় বিধায়ক হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, ৬ নং ডফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে বদ্ধ পৰিকৰ বুলি ব্যক্ত কৰে ৷ উল্লেখ্য যে,শুকুৰবাৰে নিশা গড়মূৰৰ আৱৰ্ত ভৱনতে কটাই শনিবাৰে মজুলীৰ কেইবাটাও চৰকাৰী কাৰ্যসুচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্ববানন্দ সোণোৱালে ৷
লগতে পঢ়ক-মুণ্ডছেদ কৰি হত্যাৰ ভাবুকি প্ৰদানৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে