ETV Bharat / state

সত্ৰপীঠ মাজুলীত ভাওনা সমাৰোহঃ উখল মাখল পৰিৱেশ - THE BIG RIVER ISLAND OF THE WORLD MAJULI

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত হৈ থকা অসম ভাওনা সমাৰোহ ২০২০ত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ৷ শেষ ৰাতিলৈকে ভাওনা দৰ্শন শ শ দৰ্শনাৰ্থীৰ ৷ লোকাৰণ্য হৈ পৰিছে সত্ৰপীঠ মাজুলী ৷

সত্ৰপীঠ মাজুলীত ভাওনা সমাৰোহঃ উখল মাখল পৰিৱেশ
সত্ৰপীঠ মাজুলীত ভাওনা সমাৰোহঃ উখল মাখল পৰিৱেশ
author img

By

Published : Jan 22, 2020, 10:53 AM IST

মাজুলী,21 জানুৱাৰীঃ ২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি অহা অসম ভাওনা সমাৰোহ এই বাৰ অষ্টম বৰ্ষত আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈছে । যোৱা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সমাৰোহ খনি ১ ফেব্ৰুৱাৰীলৈকে ১৩ দিনীয়াকৈ উদযাপন হ'ব । সমাৰোহ খনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হৈছে। ১৯ জানুৱাৰী বৰ্ণিল উদ্বোধনী অনুষ্ঠানৰ পাছতে সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাৰ প্ৰথম নিশাৰ ভাওনা উদ্বোধন হয় । প্ৰথম দৰ্শনীৰ ভাওনা মাজুলীৰ বাঘৰ গাঁও শংকৰ জ্যোতি শিল্পী সমাজৰ- দধিচী মুনিৰ অস্থিদান, বৃত্ৰাসুৰ বধ প্ৰদৰ্শন কৰা হয় ।

অসম ভাওনা সমাৰোহ ২০২০ত উদুলি মুদুলি পৰিৱেশ

২য় দৰ্শনীৰ ভাওনা উত্তৰ গুৱাহাটীৰ বিহলঙনী বৰনামঘৰৰ- তুলসী উদ্ধাৰ,শংখচূড় বধ পৰিবেশন কৰে শিল্পী সকলে । ২০ ফেব্ৰুৱাৰী দিনৰ ১১ বজাত সংগীত নাটক অকাডেমীৰ সৌজন্যত অংকীয়া ভাওনাৰ আধাৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । দ্বিতীয় দিনাৰ ভাওনা উদ্বোধক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীননী গোপাল গোস্বামী ।

বিয়লি ৫ বজাৰ প্ৰথম ভাওনা শিবসাগৰৰ শ্যাম কানু নাট্য গোষ্ঠীৰ" শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ" আৰু ১০ বজাৰ ২য় ভাওনা ডিগবৈৰ আধ্যাত্মিক শিল্পী সমাজৰ"ভাগীৰথী গংগা"পৰিবেশন কৰে । একেদৰে ২১ জানুৱাৰীৰ দিনা শ শ্ৰীশ্ৰী দত্ত দেৱ গোস্বামীয়ে ভাওনা উদ্বোধন কৰে । প্ৰথম ভাওনা উজনি মাজুলী ত্ৰিলোচন নাট্য গোষ্ঠীৰ" ভাতৃবধু" আৰু দ্বিতীয় ভাওনা শিবসাগৰ অৰ্জুন গুৰি সন্মিলীত যুৱ সমাজৰ" বেন ৰজাৰ উপাখ্যান" । প্ৰতিতো নিশাই আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । শেষ ৰাতিলৈকে দৰ্শকে শীতৰ মাজতো আমেজ লৈছে ভাওনাৰ ।

লগতে চাওকঃ খেল' ইণ্ডিয়াত জিলিকি উঠিছে অসমৰ জলপৰী শিবাংগী

Intro:মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত হব লগা অসম ভাওনা সমাৰোহ ২০২০ উদুলি মুদুলি পৰিবেশ :
শেষ ৰাতিলৈকে ভাওনা দৰ্শন শ শ দৰ্শনাৰ্থীৰ

V.O-------------২০০৬ চনৰ পৰা প্ৰতিদুবছৰৰ মুৰে মুৰে অনুষ্ঠিত কৰি অহা অসম ভাওনা সমাৰোহ এই বাৰ অষ্টম বৰ্ষত আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈছে।যোৱা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সমাৰোহ খনি ১ ফেব্ৰুৱাৰীলৈকে ১৩ দিনীয়া কৈ উদযাপন হৱ । সমাৰোহ খনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হৈছে। ১৯ জানুৱাৰী বৰ্ণিল উদ্বোধনী অনুষ্ঠানৰ পাছতে সন্ধিয়া ৫-০০ বজাত প্ৰতিযোগিতাৰ প্ৰথম নিশাৰ ভাওনা উদ্বোধন হয়। প্ৰথম দৰ্শনীৰ ভাওনা মাজুলীৰ বাঘৰ গাও শংকৰ জ্যোতি শিল্পী সমাজৰ- দধিচী মুনিৰ অস্থিদান, বৃত্ৰাসুৰ বধ।২য় দৰ্শনীৰ ভাওনা উত্তৰ গুৱাহাটীৰ বিহলঙনী বৰনামঘৰৰ- তুলসী উদ্ধাৰ, শংখচূড় বধ পৰিবেশ হয়। ২০ ফেব্ৰুৱাৰী দিনৰ ১১ বজাত সংগীত নাটক অকাডেমিৰ সৌজন্যত অংকীয়া ভাওনাৰ আধাৰত আলোচনা চক্ৰ হয়। দ্বিতীয় দিনাৰ ভাওনা উদ্বোধক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীননী গোপাল গোস্বামী। ৫-০০ বজাৰ প্ৰথম ভাওনা শিবসাগৰৰ শ্যাম কানুনাট‌্যগোষ্ঠীৰ" শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান" আৰু ১০ বজাৰ ২য় ভাওনা ডিগবৈৰ আধ্যাত্মিক শিল্পী সমাজৰ"ভাগীৰথী গংগা"পৰিবেশন হয় । আজি অথাৎ ২১ জানুৱাৰী শ শ্ৰীশ্ৰী দত্ত দেব গোস্বামীয়ে ভাওনা উদ্বোধন কৰিব। প্ৰথম ভাওনা উজনি মাজুলী ত্ৰিলোচন নাট্য গোষ্ঠীৰ" ভাতৃবধু" আৰু দ্বিতীয় ভাওনা শিবসাগৰ অৰ্জুন গুৰি সন্মিলীত যুব সমাজৰ" বেন ৰজাৰ উপাখ্যান" । প্ৰতিতো নিশাই আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে । শেষ ৰাতিলৈকে দৰ্শকে শীতৰ মাজতো আমেজ লৈছে ভাওনাৰ ।

বাইট: অনন্ত বৰা বৈষ্ণব আউনীআটী সত্ৰ।Body:মাজুলীৰ পৰা যদুমনি শইকীয়া ইটিভি ভাৰত অসম Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.