মাজুলী, ৩০ মাৰ্চ: সত্ৰীয়া সংস্কৃতিৰ কলা পৰিৱেশনৰে মাজুলীৰ শিল্পীৰ দলে মুহিলে গুজৰাটৰ দৰ্শকক । গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰৰ প্ৰাংগনত সাগৰৰ পাৰত ১০ জনীয়া শিল্পী দলে পৰিবেশন কৰিলে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন বায়ন (Majuli artist performs satriya dance in Gujarat) । ২৬ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ 'সংগীত নাটক একাডেমী ভাৰত চৰকাৰে' আয়োজন কৰা 'অমৃত স্বধাৰা' সাংস্কৃতিক মহোৎসৱত মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সকলে পৰিবেশন কৰিলে গুৰুজনাৰ অপূৰ্বসৃষ্টি গায়ন বায়ন ।
ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি চলি থকা 'আজাদী কা অমৃত মহোৎসৱ'ৰ(Azadi Ka Amrit Mahotsav) অংশ অনুসৰি গুজৰাটৰ গিৰ জিলাৰ সোমনাথত এই কাৰ্যসুচী পালন কৰা হয় । ভাৰতবৰ্ষৰ ১২ জ্যোতিৰ্লিংগৰ প্ৰথমটো জ্যোতিৰ্লিংগ অৱস্থিত ঐতিহাসিক সোমনাথ মন্দিৰত । এই ঐতিহাসিক মন্দিৰৰ প্ৰাংগন তথা সাগৰৰ পাৰত মুকলি মঞ্চত শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি পূৰ্বৰংগ গায়ন বায়ন পৰিবেশনৰে মুহিলে অগনন দৰ্শকক ।
ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শাস্ত্ৰীয় সংগীতৰ দলে অংশগ্ৰহণ কৰে উক্ত সাংস্কৃতিক মহোৎসৱত । আগশাৰী শাস্ত্ৰীয় নৃত্য শিল্পী,বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক দলে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে । সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পী , সাধু সন্ত উপস্থিত থাকি অনন্য মাত্ৰা প্ৰদান কৰে উক্ত অনুষ্ঠানটিক ।
উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা দলটোৰ শিল্পীসকল হৈছে, কৃষ্ণ কুমাৰ বৰবায়ন, নিৰঞ্জন বৰবায়ন, পবিত্ৰ গায়ন,জগন্নাথ বৰবায়ন, দেৱানন্দ গায়ন, শান্তনু গায়ন, দীননাথ বায়ন,পদ্ম কলিতা বায়ন , ভাস্কৰ বায়ন । বৰ্হিৰাজ্যত সত্ৰীয়া সংস্কৃতিৰ সুবাস বিলাই অসমলৈ সুনাম কঢ়িয়াই অনাৰ লগতে মাজুলীকো গৌৰৱান্বিত কৰিছে দলটোৱে ।
লগতে পঢ়ক: ৰাক্ষসিনীত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী