মাজুলী, 6 ছেপ্টেম্বৰ: মাজুলীত তিনিদিনীয়াকৈ "সপ্তম জিলা দিৱস" পালন কৰা হৈছে ৷ মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনু কৰিছে এই সপ্তম মাজুলী জিলা দিৱস (Majuli 7th district day celebrated) ৷
6 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুস্থিত কৰা হৈছে এই সপ্তম জিলা দিৱস ৷ জিলা দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে মঙলবাৰে পুৱাই মাজুলীৰ উপায়ুক্ত কাৰ্যায়লৰ প্ৰাংগনত সাতখন পতাকা উত্তোল কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ভুবন গাম, উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰাৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ লোকসকল ৷
এই জিলা দিৱসৰ কাৰ্যসূচী মাজুলীৰ সকলো গাঁৱতে পালন কৰাৰ ব্যৱস্থা কৰিছে মাজুলী জিলা প্ৰশাসনে ৷ মাজুলীৰ ১৫০ খন গাঁৱত "আমাৰ মাজুলী, আমাৰ গাঁও" শীৰ্ষক চৰকাৰী গোট দুটাই বৈঠক অনুষ্ঠিত কৰি প্ৰতিখন গাঁৱত চৰকাৰৰ বিভিন্ন কাৰ্যসূচীৰ লগতে গাঁৱৰ চাফ-চিকুণৰ ওপৰত অভিযান চলাব ৷
ইফালে এই তিনিটা দিনত মাজুলীৰ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগে গাঁৱে-ভূঞে থকা ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিভিন্ন কাৰ্যসূচী হাতত লব ৷ এককথাত কবলৈ গ'লে মাজুলীৰ উন্নয়ন, প্ৰগতিক লৈ চলিব এই ৩ দিনীয়া কাৰ্যসূচী ৷