মাজুলী,19 নৱেম্বৰঃ মাজুলী কমলাবাৰী ঘাটৰ পৰা নিমাতিলৈ যোৱা ফেৰীত অঘটন ৷ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হয় এখন যাত্ৰী ভৰ্তি ফেৰী ৷ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি এই ঘটনাৰ পিচতে ৷ উল্লেখ্য যে,এম ভি পেনেল নামৰ জাহাজ খন ৮-১৫ মিনিটত কমলাবাৰী পৰা নিমাতিলৈ গৈছিল ৷ ৪ খন গাড়ীসহ শতাধিক দুচকীয়া বাহন আছিল জাহাজ খনত ৷ ৰাসৰ সময়ত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতো জল পৰিবহন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ বাবে এনে ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে ৷ যাত্ৰী তথা মাজুলী বাসীয়ে মাজুলীৰ প্ৰতিখন জাহাজ অথবা ফেৰীত দিশ নিৰ্ণায়ক যন্ত্ৰ স্থাপনৰ দাবী জনোৱাৰ পিছতো বিভাগটোৱে কোনো ধৰ‘ৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷
লগতে চাওকঃআমগুৰিত এটা নাহৰফুটুকীৰ ৰহস্যজনক মৃত্যু