মাজুলি, 18 অক্টোবৰঃ আজি অসমীয়াৰ আদৰৰ কাতি বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীটো উখল মাখল পৰিৱেশ ৷ সত্ৰভূমি মাজুলীৰ গাঁৱে ভূঞেঁ, সত্ৰ নামঘৰত সন্ধিয়া তুলসীৰ তলত জ্বলোৱা হ’ব বন্তি ৷ ৩৬৬ বছৰীয়া পৰম্পৰাৰে ঐতিহ্যসিক আউনিআটী সত্ৰৰ আকাশত প্ৰজ্বলিত হ’ব ২১ যোৰা আকাশ বন্তি ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবেও থাকিব এযোৰ বিশেষ বন্তি ৷
উল্লেখ্য যে, কাতি বিহু উপলক্ষে বৃহস্পতিবাৰে বিয়লি মাজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবেলি পালন কৰিব কাতি বিহু ৷