মাজুলী, 26 জুন : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) তেওঁৰ কাৰ্যকালতে মাজুলীত সকলো বিভাগ (department)ক সামৰি এটা মিনি সচিবালয় নিৰ্মাণৰ সপোন দেখিছিল ৷ তেতিয়াই সচিবালয় নিৰ্মাণৰ বাবে 50 কোটি টকাৰ আৱণ্টন দিছিল । মাজুলীৰ গড়মুৰত এই সচিবালয় বনোৱাৰ স্থান নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰা হৈছিল । এই কামৰ ঠিকা লাভ কৰিছিল মুন্না আহমেদ নামৰ এজন ঠিকাদাৰে ।
ঠিকাদাৰ মুন্না আহমেদে আৱণ্টিত ধনৰ 16 কোটি টকা উলিয়াই নিলে যদিও চাৰিটা বছৰে মিনি সচিবালয়ৰ 40 শতাংশ কামো সম্পূৰ্ণ নহ’ল ৷ ঠিকাদাৰজনে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ যিখিনি কাম কৰিলে, তাতো নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ তুলিছে স্থানীয় লোকে । তদুপৰি মুন্না আহমেদে যিখিনি নিৰ্মাণ কৰিছে তাতো মেলিছে চিৰাল ফাঁট ।
যেন টাপলিৰ ওপৰত টাপলি মাৰি নিৰ্মাণ কৰা হৈছে এই মিনি সচিবালয় ।
এতিয়া প্ৰশ্ন হৈছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ভূ-স্বৰ্গত পৰিণত হৈছে নেকি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলী ? কাৰ চত্ৰছায়াত বুঢ়া আঙুলি দেখুৱাইছে ঠিকাদাৰ মুন্না আহমেদে ? দুবাৰকৈ নিৰ্মাণৰ সময় সীমা উকলি যোৱাৰ পাছতো কিয় এটা বছৰে বন্ধ ৰাখিছে নিৰ্মাণৰ কাম-কাজ ? 2019 চনৰ অক্টোবৰ মাহত সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) সচিবালয়ৰ নিৰ্মাণৰত অৱস্থা পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লৈছিল ।
লগতে পঢ়ক : পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে