মাজুলী, 1 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত মাজুলীৰ বিভিন্ন স্থানত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ বিভিন্ন প্ৰান্তৰ লোকসকলে আনন্দ মনেৰে ওলাই আহিছে বনভোজ খাবলৈ ৷
মাজুলীৰ কমলাবাৰী ফেৰীঘাট আৰু শালমৰাত বিভিন্ন লোকে বনভোজ খাবলৈ অহা পৰিলক্ষিত হৈছে ৷ অন্য লোকৰ লগতে প্ৰতিদিনে কৰ্মত ব্যস্ত থকা সাংবাদিক সকলেও শালমৰাত বনভোজ খোৱা পৰিলক্ষিত হৈছে ৷ বনভোজত উপস্থিত সকলোৱে 2021 বৰ্ষটোত অসমবাসীৰ মংগল কামনা কৰাৰ লগতে জনালে ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা ৷
লগতে পঢ়ক : কাটিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে