মাজুলী, 17 ডিচেম্বৰ: দুমাহ ধৰি মাজুলী শালমৰাৰ বৃহত্তৰ অঞ্চলত খহনীয়া অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ সুৰক্ষা বৰ্ডৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৷ ব্ৰহ্মপুত্ৰ বৰ্ডে ৰূপায়ন কৰা আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি মাজুলি ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই কয় যে, বৰ্ডে ৰাইজৰ দুৰ্দশালৈ গুৰুত্ব নিদি সঠিকৰূপে আঁচনি ৰূপায়ন নকৰাৰ ফলতে প্ৰায় দুমাহ ধৰি মাজুলীত খহনীয়া অব্যাহত আছে ৷
মাজুলী সুৰক্ষাৰ নামত অহা 237 টকাৰ আঁচনি ধোঁৱা চাঙত উঠাৰ অভিযোগ উত্থাপন কৰি হাজৰিকাই কয় যে খহনীয়াৰ ফলত প্ৰায় 200 ঘৰ মানুহৰ জীৱন আৰু সম্পত্তিলৈ ভাবুকি নামি আহিছে ৷ উল্লেখ্য যে পূৰ্বৰে মাজুলীত কম বেছি পৰিমাণে খহনীয়া হৈ আহিছে যদিও বিগত দুমাহ ধৰি অতি ভয়াবহভাৱে খহনীয়া হোৱাৰ ফলত শালমৰাৰ বহু পৰিয়াল নৈৰ পাৰৰ পৰা অন্য ঠাইলৈ স্থানান্তৰ হোৱা দেখা গৈছে ৷
ৰাইজে অভিযোগ কৰে যে টি কে ইঞ্জিনিয়াৰিং কোম্পানী আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ লুণ্ঠনৰ ফল নৈপৰীয়া মাজুলীবাসী ৰাইজে ভুগিব লগা হৈছে ৷ খহনীয়াৰ ফলত প্ৰতি মূহুৰ্ততে দুশ্চিন্তাত দিন পাৰ কৰা ৰাইজে এতিয়া মাজুলী জিলা প্ৰশাসন, ব্ৰহ্মপুত্ৰ বৰ্ড তথা সংশ্লিষ্ট চৰকাৰী বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকা বুলি অভিযোগ উত্থাপন কৰি তেওঁলোকে কেতিয়া মাজুলীবাসীৰ দুখ বুজিব বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷ সোনকালেই মাজুলী শালমৰাৰ এই বৃহত্তৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা ব্যক্ত কৰি খহনীয়াগ্ৰস্ত ৰাইজে চৰকাৰক শীঘ্ৰে সঠিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷