মাজুলী,২৯ মে' : দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে মাজুলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী (Governor Jagdish Mukhi arrives in Majuli)। পত্নীসহ ৰাজ্যপালগৰাকীয়ে MV INDRA নামৰ বিশেষ ফেৰীখনেৰে নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰীঘাটত উপস্থিত হয় । কমলাবাৰীঘাটত মাজুলীৰ বিধায়ক ভুবন গামে আদৰণি জনায় ৰাজ্যপালগৰাকীক (MLA Bhuban Gam welcomed governor of Assam)।
কমলাবাৰীঘাটৰ পৰা পোনে পোনে মাজুলীৰ গড়মূৰ আৱৰ্ত ভৱনলৈ যায় ৰাজ্যপালগৰাকী । জানিব পৰা মতে তাত দুপৰীয়া অহাৰ গ্ৰহণ কৰি ৩ বজাত চামগুৰি সত্ৰ আৰু বিয়লি ৪ বজাত দক্ষিণপাট সত্ৰত উপস্থিত হ'ব ৰাজ্যপালগৰাকী । মাজুলীত বিভিন্ন কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ।
লগতে পঢ়ক :কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ আই আই টি গুৱাহাটী পৰিদৰ্শন