মাজুলী, ৭ মে': গ্ৰামাঞ্চলত প্ৰৱঞ্চনাৰ জাল পাতিছে একাংশ অসাধু লোকে । অতি চতুৰতাৰে সহজ-সৰল লোকক ৰামঠগন দি লুটি নিয়ে নগদ ধন, মূল্যৱান অলংকাৰ । মাজুলীৰ মহখুটি বণিয়া গাঁৱতো সংঘটিত হ'ল এনে এক ঘটনা । সোণৰ অলংকাৰ পৰিস্কাৰ কৰা আৰু অপশক্তিৰ প্ৰভাৱ আঁতৰোৱাৰ অচিলাৰে সোণৰ অলংকাৰ লুটিবলৈ অপচেষ্টা চলাইছিল এটা প্ৰৱঞ্চকে ।
প্ৰৱঞ্চকটোৱে নিজকে হোজাইৰ লংকাৰ আমিৰ উদ্দিন বুলি পৰিচয় দিছিল । প্ৰৱঞ্চকটোৱে প্ৰথমে মহখুটি বণিয়া গাঁৱৰ দিপালী ভড়ালীৰ ঘৰত উপস্থিত হৈ সৰ্প দেখুৱাই অপশক্তি দূৰ কৰাৰ মন্ত্ৰ উচ্ছাৰণ কৰি গৃহস্থক সোণৰ আ-অলংকাৰ আনিবলৈ দিয়ে ৷ গৃহস্থয়ো আমিৰ উদ্দিনৰ কথাত পতিয়ন গৈ সোণৰ আ-অলংকাৰ প্ৰৱঞ্চকটোৰ হাতত দিয়ে ৷
তাৰ পিছত গৃহস্থক সেৱা ল'বলৈ কৈ অতি কৌশলেৰে কাগজৰে মেৰিয়াই থোৱা এটা টোপোলা গৃহস্থক দিয়ে । লগতে এই টোপোলাটো ৫ ঘণ্টাৰ পিছত খুলিবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু গৃহস্থই সন্দেহ ওপজাত টোপোলাটো খুলি চাই দেখে সোনৰ পৰিৱৰ্তে তাত শিলহে আছে ।
ইতিমধ্যে আমিৰ উদ্দিনে সেই স্থান ত্যাগ কৰিছিল । কিন্তু গৃহস্থই হুলস্থূল কৰাত ওচৰ-চুবুৰীয়া সমবেত হয় আৰু তেওঁলোকে আমিৰ উদ্দিনক কৰায়ত্ত কৰে ৷ ঘটনাৰ পিছতে গৃহস্থই গড়মূৰ আৰক্ষীক খবৰ দিয়ে । সম্প্ৰতি গড়মূৰ আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক আমিৰ উদ্দিন ৷