ETV Bharat / state

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী

author img

By

Published : Oct 23, 2021, 11:41 AM IST

মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন ৷ যান্ত্ৰিক বিজুতিৰ ফলত নৈৰ বুকুত আৱদ্ধ এম ভি লোহিত নামৰ যাত্ৰীবাহী ফেৰীখন ৷

Majuli incident
মাজুলীত অঘটন

মাজুলী, 23 অক্টোবৰ : শনিবাৰে পুৱা মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈছে এখন যাত্ৰীবাহী ফেৰী ৷ যান্ত্ৰিক বিজুতিৰ ফলতে ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ হৈ পৰে এম ভি লোহিত নামৰ যাত্ৰীবাহী ফেৰীখন ৷ পুৱা প্ৰায় ৭.৩০ বজাত কমলাবাৰীৰ ফেৰীঘাটৰ পৰা নিমাতী অভিমুখে ৰাওনা হৈছিল ফেৰীখন । ফেৰীখনত আছে শতাধিক যাত্ৰী আৰু ত্ৰিশখন বাইক ।

Majuli incident
মাজুলীত অঘটন

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ বুকুতে লংগৰ পেলাই ৰখাই থোৱা হৈছে ফেৰীখন । ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে উদ্ধাৰকাৰীৰ দল ৷ এই ঘটনাই পুনৰ বিমোৰত পেলাইছে মাজুলীবাসীক ৷

চলিত বৰ্ষৰ 8 ছেপ্তেম্বৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ বিভীষিকা এতিয়াও মাৰ যোৱা নাই ৷ এই ঘটনা দেখি 8 ছেপ্তেম্বৰৰ ফেৰী দুৰ্ঘটনাৰ যে পুনৰাবৃত্তি নহ’ব, তাৰ কোনো নিশ্চয়তা নাই বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মাজুলী-অফলামুখ ফেৰীঘাটত বন্ধ হ’ব ৰ'পেক্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.