ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন সুধাকণ্ঠ

বছৰ বছৰ ধৰি বহু দেশী-বিদেশী যাত্ৰীক সুচল যাতায়াতৰ সুবিধা প্ৰদান কৰা, সুধাকণ্ঠ নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় বিলীন হোৱাৰ উপক্ৰম হৈছে ।

author img

By

Published : May 1, 2020, 7:03 PM IST

ferry named after bhupen hazarika submerges in brahmaprutra

মাজুলী, 1 মে': নিমাতী, কমলাবাৰী ঘাটৰ পৰা নোহোৱা হ'ল সুধাকণ্ঠ । বহু বছৰৰ পৰাই মাজুলীৰ যাত্ৰীক সুচল সুবিধা প্ৰদান কৰি আহিছিল সুধাকণ্ঠই । আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলি আছিল সুধাকণ্ঠ নামৰ ফেৰীখন । কিন্তু বিগত কেইবা মাহো ধৰি কমলাবাৰী ঘাটত মেৰামতি কৰিবলৈ থোৱা ফেৰীখনৰ বৰ্তমান অৱস্থা অতি দুখজনক । আগন্তুক বাৰিষাতেই ফেৰীখন মহাবাহুৰ বুকুত বিলীন হোৱাৰ সম্ভাৱনাই দেখা দিছে । অভিযোগ অনুসৰি জল পৰিবহণ কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এতিয়া কমলাবাৰী ঘাটৰ পৰা নোহোৱা হৈ পৰিব সুধাকণ্ঠৰ নামত উচৰ্গিত এই ফেৰীখন ।

ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন সুধাকণ্ঠ

উল্লেখ্য যে, সুধাকণ্ঠ নামৰ ফেৰীখনৰ এনে ধ্বংসমুখী যাত্ৰা সহজভাৱে ল'ব পৰা নাই সচেতন সমাজৰ লগতে ভিন্ন দল সংগঠনে । কিয়নে ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় সম্পূৰ্ণৰূপেই জাহ গৈছে ফেৰীখন । এতিয়াৰে পৰা হয়তো মাজুলী, কমলাবাৰী আৰু নিমাতী ঘাটত দেখিবলৈ পোৱা নাযাব সুধাকণ্ঠক । মেৰামতিৰ অভাৱতেই এতিয়াৰে পৰা হয়তো এই ফেৰীখনত কাহানিও উঠিবলৈ নাপায় দেশী-বিদেশী মাজুলীৰ যাত্ৰী ।

লগতে পঢ়কঃ এগৰাকী মাতৃৰ হিয়াভগা কান্দোনে কঁপালে বিধায়কৰ হৃদয়..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.