মাজুলী, 21 জুলাই : আকৌ অভিযোগৰ আঙুলি উঠিছে ৰাজ্যৰ জল পৰিবহন বিভাগৰ বিৰুদ্ধে (Allegation against Water Transport Department) ৷ মাজুলীত ফেৰী চলা-নচলাক লৈ সঘনে বিতৰ্কৰ মাজত সোমাই পৰে ৰাজ্যৰ জল পৰিবহন বিভাগ ৷ এইবাৰ ৰাজ্যৰ জল পৰিবহন বিভাগ চূড়ান্ত হেমাহি পৰিস্ফূট হৈছে নিমাতী ঘাটত ৷
মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে নিমাতী ঘাটত পৰি ৰৈছে 7 খনকৈ ফেৰী (Many ferries lying on Nimati ghat)। এই বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে অভ্যন্তৰীন জল পৰিবহন বিভাগৰ বহু কোটি টকীয়া সম্পত্তি পানীত পৰি ধ্বংস হোৱাৰ পথত অগ্ৰসৰ হৈছে ।
আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলী আৰু নিমাতীৰ মাজত চলি থকা কেইবাখনো ফেৰী পৰিত্যক্ত অৱস্থাত অ-সংৰক্ষিতভাৱে পেলাই থৈছে বহু দিনে । কোটি কোটি টকাৰ মূলৰ এই ফেৰীসমূহ অচল হোৱাৰ পিছত মেৰামতিৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷
লগতে পঢ়ক : Jonai embankment scam : জোনাইত ৭ কোটিটকীয়া নিৰ্মীয়মাণ মথাউৰি ছিগাৰ উপক্ৰম
যাৰ ফলত জহি খহি গৈছে এই ফেৰীসমূহ ৷ যাৰ ফলত যাতায়াতৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে মাজুলীৰ সাধাৰণ জনতাই ৷ অসম চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে উচ্চ পৰ্যায়ৰ তদন্ত কৰি কাৰ ভুলৰ বাবে এই কোটি কোটি টকাৰ ৭ খনকৈ ফেৰী নষ্ট হ’ল ৷
সেই সকলৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ মাজুলী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনায় ৷ লগতে তেওঁ লোকে কয়, অতি সোনকালে এই ফেৰীসমূহ যাতায়তৰ সুবিধা হোৱাকৈ তৈয়াৰ কৰি মাজুলী আৰু নিমাতীৰ মাজত চলাচল কৰাই মাজুলীৰ সাধাৰণ ৰাইজক উপকৃত কৰিবৰ বাবে দাবী জনায় ৷
লগতে পঢ়ক : Theft at Amsoi Gramin Vikash Bank : আমচৈৰ অসম গ্ৰামীণ বিকাশ বেংকত চুৰি