মাজুলী, খুমটাই, 27 নৱেম্বৰঃ বান বিভীষিকাই জুৰুলা কৰা মাজুলীৰ ভকত চাপৰি বাসীৰ মাজত এতিয়া হাঁহিৰ ৰেঙনি ৷ বৰ্তমান ভকত চাপৰিৰ যুৱক-যুৱতী, বয়োজেষ্ঠ সকলো ব্যস্ত হৈ পৰিছে নিজৰ সপোন ৰূপায়ণত ৷ অঞ্চলটোৰ 16 খন গাঁৱৰ 420 টা পৰিয়ালে বৰ্তমান ব্যস্ত ঘৰলৈ সোণগুটি চপোৱাত আৰু আপোন পথাৰ খন সেউজীয়াৰে ভৰ-পূৰ কৰি তোলাত ৷
ভকত চাপৰি অঞ্চলৰ আগশাৰীৰ কৃষক কলিৰাম কলিতাই 5 বছৰত 5 হাজাৰ কৈ তামোল পুলি ৰুই গুৱাগ্ৰাম গঢ়ি তুলিছে । 120 হেক্টৰ মাটিত মগু আৰু মাটি মাহৰ খেতি কৰিছে অঞ্চলটোৰ কৃষক সকলে । লগতে আন 120 হেক্টৰ মাটিত সৰিয়হ খেতিও কৰিছে কৃষক ৰাইজে ৷ ভকতচাপৰিৰ এই সকল কৃষকৰ লগতে শিক্ষিত যুৱ- প্ৰজন্মই কৃষিৰে এইদৰে স্বাৱলম্বী হৈছে ৷
একেদৰে নিজৰ কৃষি কৰ্মৰ জৰিয়তে জিলিকি উঠিছে খুমটাইৰ পল্লৱ গগৈ ৷ পল্লৱে 18 বিঘা মাটিত চাহ খেতি, 5 হাজাৰ জোপা কল গছ, উন্নত প্ৰজাতিৰ গাহৰি, মাছ, সাঁচি খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে বহুকেইটা পৰিয়ালক সকাহ দিছে ৷ কৃষিপাম খনৰ পৰা পল্লৱে প্ৰতি বছৰে 20 লাখ টকাকৈ উপাৰ্জন কৰি আহিছে ৷ বান বিধ্বস্ত অঞ্চলত কৃষি কৰ্মৰে উজলি উঠা এই সকল লোকে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকৰ বাবেও এক আদৰ্শ দাঙি ধৰিছে ৷ চাকৰি বিচাৰি বহিঃৰাজ্যলৈ নাযায় কৃষি কৰ্মৰে সেউজ বিপ্লৱ আৰম্ভ কৰা এওঁলোকৰ আদৰ্শই সকলোৰে বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিব ৷