মাজুলী, 28 ডিচেম্বৰ: 2000 চনত স্থাপিত হোৱা মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা সোমাবাৰে বিদায় ল'লে 15 গৰাকীকৈ দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৷ ১২ বছৰে বিদ্যালয় খনত শিক্ষা গ্ৰহণৰ অন্তত সোমবাৰে আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয় আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লোৱা শিক্ষাৰ্থী সকলক ৷ যাৰ বাবে আৱেগিক হৈ পৰে বিদায়ী শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক আৰু শিক্ষকসকলো ৷
লগতে পঢ়ক: আজিৰে পৰা শোণিতপুৰত কৰ’ণা প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ