ETV Bharat / state

মাজুলীত অভিযন্তাক লপাথপা ক্ষুদ্ধ ৰাইজৰ - জিঅ' বেগ

সোমবাৰে মাজুলীৰ খহনীয়া গ্ৰস্থ ৰাইজে ২ ঘণ্টা 30 মিনিট ধৰি আৱদ্ধ কৰি লপাথপা দিলে ব্ৰহ্মপুত্ৰ বৰ্ডৰ কনিষ্ঠ অভিযন্তা নিতুল তালুকদাৰক । মাজুলী স্পৰ্শকাতৰ ভকত চাপৰিৰ গৰুখুটীত সম্পূৰ্ণ ২৩৭ কোটি টকাৰে আৰম্ভ হৈছিল খহনীয়া প্ৰতিৰোধৰ কাম ৷ ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীৰ অধীনত আৰম্ভ হোৱা 237 কোটি টকাৰ জিঅ' বেগৰ এপ্ৰ'ন দিছিল যদিও সোমবাৰে উটি যায় বেগ সমূহ

মাজুলীত অভিযন্তাক লপাথপা ক্ষুদ্ধ ৰাইজৰ
author img

By

Published : May 7, 2019, 12:33 AM IST

মাজুলী, 6 মে': ধৈৰ্যৰ বান্ধ চিগিলে মাজুলীৰ খহনীয়া গ্ৰস্থ ৰাইজৰ ৷ ব্ৰহ্মপুত্ৰ বৰ্ডৰ অভিযন্তাক 2 ঘণ্টা ধৰি আৱদ্ধ কৰে ক্ষুদ্ধ ৰাইজে ৷ ক্ষোভিত ৰাইজে লপাথপা দিলে কনিষ্ঠ অভিযন্তাক ৷ উল্লেখ্য যে, সোমবাৰে মাজুলীৰ খহনীয়া গ্ৰস্থ ৰাইজে ২ ঘণ্টা 30 মিনিট ধৰি আৱদ্ধ কৰি লপাথপা দিলে ব্ৰহ্মপুত্ৰ বৰ্ডৰ কনিষ্ঠ অভিযন্তা নিতুল তালুকদাৰক । মাজুলী স্পৰ্শকাতৰ ভকত চাপৰিৰ গৰুখুটীত সম্পূৰ্ণ ২৩৭ কোটি টকাৰে আৰম্ভ হৈছিল খহনীয়া প্ৰতিৰোধৰ কাম ৷ ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীৰ অধীনত আৰম্ভ হোৱা 237 কোটি টকাৰ জিঅ' বেগৰ এপ্ৰ'ন দিছিল যদিও সোমবাৰে উটি যায় বেগ সমূহ ৷ বস্তাৰ তলত খালী বস্তা ভৰাই পৰ্যাপ্ত পৰিমাণৰ এপ্ৰ'ন নিদিয়াকৈ অতি নিম্ন মানৰ কাম কৰাৰ বাবেই জিঅ' বেগসমূহ উটি যায় বুলি অভিযোগ কৰে ৰাইজে ৷ যাৰ বাবে এই দৃশ্য দেখি নৈৰ পাৰতে অভিযন্তা গৰাকীক অকথ্য গালি গালাজ পাৰে স্থানীয় ৰাইজে ‌।

আনহাতে, উটি যোৱা জিঅ' বেগসমূহ পানীত নামি ধৰি ৰাখিবলৈ চেষ্টা কৰে ৷ অভিযন্তা গৰাকীক খহনীয়া প্ৰতিৰোধৰ ওপৰত ৰাইজে বিভিন্ন প্ৰশ্ন সোধাত অভিযন্ত্ৰা গৰাকীয়ে নিজৰ দায় সৰা মন্ত্ৰব্য দিয়ে যদিও উত্তেজিত ৰাইজৰ ৰোষত পৰি শেষত জনসাধাৰণৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কমলাবাৰী আৰক্ষীৰ লগতে অতিৰিক্ত সহকাৰী আয়ুক্ত অচ্যুত বৰুৱা আৰু বিভাছ পাঠক উপস্থিত হৈ উদ্ধাৰ কৰে অভিযন্তা গৰাকীক ।

ধৈৰ্যৰ বান্ধ চিগিল ৰাইজৰ ।
মাজুলীত বৰ্ডৰ অভিযন্ত্ৰাক ২ ঘন্টা ধৰি আৱদ্ধ কৰিলে ৰাইজে।  গটিয়ালে নৈ পাৰত। 

Exclusive story

আজি মাজুলীৰ খহনীয়া গ্ৰস্থৰ সহ্য আৰু ধৈৰ্যৰ বান্ধ ছিঙি গল ২.৩০ মিনিট গৰি আৱদ্ধ কৰি লপাঠপা দিলে ব্ৰহ্মপুত্ৰ বৰ্ডৰ কনিষ্ঠ অভিযন্ত্ৰা নিতুল তালুকদাক।  মাজুলী স্পৰ্শ কাতৰ ভকত চাপৰিৰ গৰুখুটীৰ দৃশ্য ২৩৭ কোটি টকাৰ খহনীয়া প্ৰতিৰোধৰ কাম কৰিছিল ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীয়ে কিন্তু কৰি  শেষ হোৱাই নাই যোৱা অলপ দিনৰ আগত জিঅ বেগৰ এপ্ৰন দিছিল কিন্তু আজি হঠাৎ ২৩৭ কোটি টকীয়া জিঅ বেগৰ এপ্ৰন উটি গল এনেদৰে । আতংকিত ৰাইজে নৈ পাৰতে থকা কনিষ্ঠ অভিযন্ত্ৰা নিতুল তালুকদাক ঠেলা হেচা কৰাৰ লগতে লপা ঠপা দিয়ে। উত্তেজিত ৰাইজে ২ ঘন্টা ৩০ মিনিট ধৰি আৱদ্ধ কৰি ৰাখে অভিযন্ত্ৰা জনক। বস্তাৰ তলত খালী বস্তা ভৰাই পৰ্যাপ্ত পৰিমানৰ এপ্ৰ'ন নিদিয়াই অতি নিম্ন মানৰ কাম দেখি ৰাইজে পাৰতে অভিযন্ত্ৰা জনক অকথ্য গালি গালাজ পাৰে‌। তৎক্ষণাৰ ভিতৰত অঞ্চলটোৰ ২০০ মিটাৰ জিঅ বেগৰ এপ্ৰন ব্ৰহ্মপুত্ৰ ত উটি যায় । লগে লগে ৰাইজে হাজাৰ বেগ উটি গৈছিল যদিও কিছু বেগ পানীত নামি ৰাখিবলৈ সক্ষম হয়। ভকত চাপৰিৰ ১৬ খন গাৱৰ সুৰক্ষা ৰ ক্ষেত্ৰত বৰ্ডে হেমাহি কৰি আছে ধৈৰ্য ৰ বান্ধ যেন চিগা ৰাইজে বৰ্ডৰ  অভিযন্তা   নিতুল তালুকদাৰ ক  গৰুখুটী অঞ্চলত  ঘেৰাও কৰি খহনীয়া প্ৰতিৰোধ ৰ ওপৰত বিভিন্ন  প্ৰশ্ন শোধাত অভিযন্ত্ৰা গৰাকীয়ে নিজৰ দায় সৰা মন্ত্ৰব্য দিয়ে যদিও উত্তেজিত ৰাইজৰ ৰোষত পৰি শেষত  জনসাধাৰণৰ ওচৰত  হাতযোৰ কৰি ক্ষমা খোজিবলৈ  বাধ্য হোৱা অভিযন্ত্ৰাক পৰৱৰ্তী সময়ত কমলাবাৰী আৰক্ষীৰ লগতে অতিৰিক্ত সহকাৰী আয়ুক্ত অচ্যুত বৰুৱা আৰু বিভাছ পাঠকে উদ্ধাৰ কৰে। ৰাইজক তদন্ত আৰু দোষী বিষয়া ক শাস্তি দিয়াৰ কথা আস্বাস দি বুজাবলৈ সক্ষম হয়। 

মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.