মাজুলী, 16 মাৰ্চ : মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনী ইস্তাহাৰখন মঙলবাৰে বিজেপি মিত্ৰজোটে প্ৰকাশ কৰে ৷ মাজুলী গড়মূৰ সদৰত থকা বিজেপি মিত্ৰজোটৰ জিলা নিৰ্বাচনী কাৰ্যালয়ত আয়োজিত সংবাদমেলত নিৰ্বাচনী ইস্তাহাৰখন প্ৰকাশ কৰি সদস্যসকলে মাজুলিৰ বিভিন্ন সমস্য়া আৰু সমাধানৰ ক্ষেত্ৰত সকলোৰে সহযোগিতাৰ আহ্বান জনায় ৷ সংবাদমেলত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি অসমৰ সকলো বিষয়ববীয়া উপস্থিত থাকে ৷
সংবাদমেলত মাজুলীৰ মিত্ৰজোটৰ কৰ্মীসকলৰ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰকাশ কাশ্যপ আৰু দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য মাধৱ দেউৰী, ৰাজ্যিক কাৰ্যনিবাহক সদস্য বিৰেণ শইকীয়া, মাজুলীৰ বিজেপিৰ সভাপতি লোকনাথ কুটুম, গণশক্তিৰ মাজুলী জিলাৰ সভাপত ৰঞ্জিত দলে, অগপ মাজুলীৰ সভাপতি ফনিধৰ টাহু, ৰমেন দত্তকে ধৰি ভালেসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।
লগতে পঢ়ক : বিহালীত বিজেপি-চিপিআইএমএলৰ মাজত এইবাৰৰ নিৰ্বাচনী মূল যুঁজ