মাজুলী, ৪ এপ্ৰিলঃ মাজুলীত ১৪নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিশাল সমদলৰেউষ্ম আদৰণিজনায় নেতাগৰাকীক ।
কমলাবাৰী চাৰিআলিত নিৰ্বাচনীসভাত সভাপতি ৰিপুন বৰাই সৰ্বানন্দ সোনোৱালক মুখ্যমন্ত্ৰীৰ সমষ্টিত স্বাস্থ্য খণ্ডৰ পুতৌ লগা অৱস্থাৰ লগতে মহিলাসকলে পথাৰ, নাওতেই প্ৰসৱ কৰিব লগা পৰিস্থিতি হ'বলগীয়া হোৱা বুলিও মন্তব্য কৰে। কংগ্ৰেছৰ কাম সমূহকে অলপ ভাঙি নতুনকৈ ৰং সানি উন্নয়ণ হোৱা বুলি ফাঁকি দি অহা বুলি কয়। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কঠোৰ ভাষাৰে সমালোচনা কৰি কয় মোদী এজন ফাঁকিবাজ বুলি কোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপি আহিলে গৃহীত কৰিব, অসমীয়া জাতি বাচিবলৈ হ'লে কংগ্ৰেছক ভোট দিবই লাগিব বুলি উপস্থিত ৰাইজক আহ্বান জনায় নেতাগৰাকীয়ে।