মাজুলী , ৩১ জানুৱাৰী: মাজুলী মহাবিদ্যালয়ত সোমবাৰে 'মাজুলীৰ পঞ্চৰত্ন' প্ৰতিষ্ঠা দিৱস পালন কৰা হয় (Majulis Pancharatna foundation day celebrated) । ২০১৬ চনৰ পৰা ৩০ জানুৱাৰীত আধুনিক মাজুলীৰ প্ৰাণ প্ৰতিষ্ঠাতা পঞ্চপুৰোধা দত্তদেৱ গোস্বামী, মণিৰাম দত্ত মোক্তাৰ বৰবায়ন, পীতাম্বৰ দেৱ গোস্বামী, কেশৱৰাম বৰা আৰু তৰুণচন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল । তেতিয়াৰে পৰাই ৩০ জানুৱাৰীত মাজুলী মহাবিদ্যালয়ত প্ৰতি বছৰে পঞ্চৰত্নৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা দিনটো 'মাজুলীৰ পঞ্চৰত্ন' দিৱস হিচাপে পালন কৰি অহা হৈছে (Pancharatna foundation day at Majuli College) ।
অষ্টম প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে সোমবাৰে মহাবিদ্যালয়খনৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত এখন বিশেষ স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ত অৱস্থিত পঞ্চৰত্নৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ জেষ্ঠ অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাই । ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰি ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাই 'মাজুলীৰ পঞ্চৰত্ন'ৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি এনে ভূমিত নিজৰ কৰ্মজীৱন সম্পূৰ্ণ কৰিবলৈ পোৱাটো গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে।
এই সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা মাজুলী মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অৱসৰী প্ৰতিষ্ঠাপক মুৰব্বী ড৹ মাধৱ চন্দ্ৰ গোস্বামীয়ে তুলনামূলকভাৱে পিছপৰা মাজুলীৰ সামগ্ৰিক বিকাশ আৰু শৈক্ষিক উত্তৰণৰ দিশত মাজুলীৰ পঞ্চৰত্নই গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰে । তেওঁ লগতে তেওঁলোকৰ আদৰ্শ নৱ প্ৰজন্মৰ পাথেয় বুলি অভিহিত কৰে ।
উল্লেখযোগ্য যে এই সভাতেই পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট মুখাশিল্পী তথা শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ সত্ৰীয়া,গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট উপাধিপ্ৰাপক হেমচন্দ্ৰ গোস্বামীক মাজুলী মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি শিল্পীগৰাকীয়ে মাজুলীক মুখাৰ নগৰী হিচাপে নামকৰণ কৰাৰ আহ্বান জনায় । লগতে সৰ্বসাধাৰণৰ মুখাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আগ্ৰহেই মুখাশিল্পক স্থায়িত্ব প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । ড৹দেৱজিৎ শইকীয়াই মুখ্য বক্তাগৰাকীৰ মনোগ্ৰাহী বক্তব্যই পঞ্চৰত্নৰ প্ৰতিষ্ঠা দিৱসক আধ্যাত্মিক দিশত এক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি অভিহিত কৰে ।
এই সভাখনত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, ভোলা বৰা, অৱসৰী প্ৰশাসনিক সমন্বয়ক ড৹ আনন্দ হাজৰিকা, মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক বিপুল ৰাজখোৱা,শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক সুৰেন্দ্ৰ নাথ মুদৈ,কমল চন্দ্ৰ শইকীয়া,ড৹ ৰাজেন বৰা, জগন্নাথ দুৱৰীয়া, যুগল হাজৰিকা,গুণ শইকীয়া,প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । মহাবিদ্যালয়ৰ অধ্যাপক তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে উদযাপন সমিতিৰ আহবায়ক সুৰেন চন্দ্ৰ দাসে ।
লগতে পঢ়ক:CM met a Differently abled girl: হিয়া ঢাকুৰি কান্দি থকা বিশেষভাৱে সক্ষম ভাগিনক লগ দিলে মামাই