গুৱাহাটী,৪ মাৰ্চ: ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব উপনিৰ্বাচন আৰু ১০ মাৰ্চত হ'ব ভোটগণনা । দুয়োটা দিনতে মজুলীত ড্ৰাই ডে' ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ । জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ (চি) ধাৰা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় জানিবলৈ দিয়ে ।
এই আইন অনুসৰি কোনো স্পিৰিটযুক্ত দ্ৰব্য, গাঞ্জা, মদ আদি নিচাজাতীয় দ্ৰব্য হোটেল, দোকান, চৰকাৰী অথবা বেচৰকাৰী আন যিকোনো স্থানত বিতৰণ কৰাৰ ক্ষেত্ৰত সমষ্টিটোৰ নিৰ্বাচন শেষ নোহোৱালৈকে নিষিদ্ধ কৰা হৈছে । ৫ মাৰ্চ শনিবাৰৰ বিয়লি ৫ বজাৰ পৰা ৭ মাৰ্চ সোমবাৰ বিয়লি ৫ বজালৈকে ৪৮ ঘণ্টাৰ বাবে এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হ’ব ।
তদুপৰি ১০ মাৰ্চ বৃহস্পতিবাৰৰ দিনা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত পুনৰ সমষ্টিটোত ড্ৰাই ডে' ঘোষণা কৰা হৈছে। আনহাতে যদি উক্ত সমষ্টিটোত পুনৰ ভোটগণনা অনুষ্ঠিত হয় তেতিয়াও ড্ৰাই ডে' ঘোষণা কৰা হ’ব । নিৰ্ধাৰিত ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিনত সুৰাৰ দোকান, হোটেল, ৰেষ্টুৰেণ্ট, ক্লাৱ আৰু অন্যান্য প্ৰতিষ্ঠানত মদৰ বিক্ৰী আৰু পৰিৱেশন কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।
ইয়াৰ উপৰি মালিকনাধীন নোহোৱা ক্লাৱ, ষ্টাৰ হোটেল আদিত সুৰা পৰিবেশন সংক্ৰান্তত বিভিন্ন ধৰণৰ লাইচেন্স থাকিলেও উক্ত দিনকেইটাত সুৰা পৰিবেশনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৱকাৰী আইনৰ অধীনত প্ৰদত্ত বিধি-নিষেধ অনুসৰি লাইচেন্সবিহীন স্থানত মদ সংৰক্ষণ আদিত নিষেধাজ্ঞা কঠোৰভাৱে প্ৰয়োগ কৰা হ’ব । আদেশ উলংঘন কৰিলে অসম আৱকাৰী আইন আৰু বিধিসমূহৰ প্ৰাসংগিক বিধান আৰু নিৰ্বাচনী বিধিৰ ১৩৫ (চি) ধাৰাৰ বিধানৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Majuli By Election 2022 : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ