ETV Bharat / state

ভায়েকৰ ফেচবুক লাইভৰ বাবে বায়েকক চিকিৎসা নকৰিলে চিকিৎসকে !

মাজুলীৰ চৰকাৰী চিকিৎসালয়ৰ এটা কৰুণ দৃশ্য ৷ যিটো দৃশ্য দেখি এবাৰলৈ হলেও আপুনি উচ্চাৰণ কৰিব হায় ! মানৱতা ৷ চিকিৎসালয়ৰ সন্মুখত চটফটাইছে এগৰাকী গৰ্ভৱতী মহিলাই ৷ মুখ্যমন্ত্ৰীৰ সমষ্টিত চিকিৎসাৰ পৰা বঞ্চিত প্ৰসূতি ৷

doctor refused treatment to pregnant  lady

author img

By

Published : May 4, 2020, 5:19 PM IST

মাজুলী, 4 মে' : মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ মহকুমা অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে আশ্চৰ্যজনক ঘটনা ৷ চিকিৎসালয়ৰ অধীক্ষকে চিকিৎসলয়ৰ পৰা বাহিৰ কৰি দিলে এগৰাকী গৰ্ভৱতীক ৷ হাতে-ভৰিয়ে ধৰিও চিকিৎসাৰ বাবে সৈমান কৰাব নোৱাৰিলে চিকিৎসা বিষয়াগৰাকীক ৷ বাহিৰ কৰি দিলে মহিলাগৰাকীৰ আত্মীয়কো ৷ কিন্তু যি কাৰণত ঘটনাটো সংঘটিত হ'ল, সেই কাৰণ জানিলে সকলো আচৰিত হ'ব ৷

ঘটনা অনুসৰি, কিছুদিন পূৰ্বে মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থা সম্পৰ্কে ফেচবুকত এটি পোষ্ট দিছিল মহিলাগৰাকীৰ আত্মীয়ই ৷ এই ক্ষোভতেই চিকিৎসালয়ৰ অধীক্ষক ডা৹ অমূল্য গোস্বামীয়ে গৰ্ভৱতী মহিলা গৰাকীক চিকিৎসা সেৱা নকৰি বাহিৰ কৰি দিছে চিকিৎসালয়ৰ পৰা ।

মাজুলীৰ চৰকাৰী চিকিৎসালয়ৰ এটা কৰুণ দৃশ্য

যি সময়ত নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি প্ৰতিজন চিকিৎসকে মহামাৰী ৰ সৈতে যুজিছে, তেনে সময়ত মাজুলীৰ ১০০ খন বিছনা যুক্ত অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ কৰ্ম কাণ্ডই লজ্জিত কৰিছে প্ৰতিজন স্বাস্থ্য কৰ্মীক ৷ চিকিৎসালয়ৰ অধীক্ষকৰ দৰে পদত থকা এইগৰাকী ভব্য-গব্য ব্যক্তিৰ এনে বিবেকহীন কৰ্মকাণ্ডই হতবাক কৰিছে মাজুলী বাসীকো ৷

লগতে পঢ়ক : যন্ত্ৰণাত চটফটাই থকা মাজুলীৰ এটি কণমানি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.