মাজুলী,31 জুলাই: মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায় ৷ দুই কিশোৰী ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতে ৷ বিগত জানুৱাৰী মাহৰ ২৮ তাৰিখে মাজুলীত এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল দুই লম্পটে ৷ কণ ভড়ালী ওৰফে মানস আৰু ৰাতুল ভড়ালী নামৰ দুই লম্পটে নাৱালিকাক ধৰ্ষণ কৰিছিল ৷ নাবালিকাক ধৰ্ষণ কৰাৰ বাবে POSCO আইনৰ ভিত্তিত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷
সেই ধৰ্ষণ ঘটনাৰ গোচৰ আদালত চলি আছিল আৰু সোমবাৰে দুই অভিযুক্ত কণ ভৰালী আৰু ৰাতুল ভৰালীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদানৰ ৰায়দান দিয়ে মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতে ৷ আনহাতে এই গোচৰৰ ৰায়দান মাজুলীৰ জিলা সত্ৰ ন্যায়ধীশৰ আদালতৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ৷ কাৰণ মাজুলীৰ জিলা সত্ৰ ন্যায়ধীশৰ আদালত চলি থকা গোচৰ অন্তিমটো গোচৰৰ আজি ৰায়দান সম্পূৰ্ণ হয় ৷
জিলা সত্ৰ আদালত মাজুলীত স্থাপন হোৱা 1 বছৰৰ ভিতৰত ৩০৫টা গোচৰৰ নিষ্পত্তি কৰিছে ৷ ইয়াৰে ৫১ টা গোচৰৰ দোষীক শাস্তি বিহাৰ লগতে ৫ গোচৰৰ যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে আদালতে ৷ ক্ষীপ্ৰতাৰে 305 টা গোচৰৰ নিষ্পত্তিৰ পাছতে অধিবক্তা সকলে ধন্যবাদ দিয়ে মহামান্য আদালতক ৷
আনহাতে জিলা সত্ৰ আদালতে দুই অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দানৰ পাচতে কান্দোনত ভাগি পৰিল দুই ধৰ্ষণকাৰীৰ আত্মীয় ৷ তিনিমহীয়া কেঁচুৱা কোলাত লৈ আদালত চৌহদত কান্দি কান্দি এগৰাকী দোষীৰ পত্নীৰ অনুৰোধ , মানুহজনক জেলত দিলে নহ’ব মোকো লগতে জেলত দিয়ক। মই তিনিমহীয়া পানী কেঁচুৱাটো লৈ কেনেকৈ জীয়াই থাকিম ।’
লগতে পঢ়ক:Japanese Encephalitis: মাজুলীত জাপানীজ এনকেফেলাইটিছ’ৰ ভয়াৱহতা