ETV Bharat / state

ঘৰ মাটি ভেটি হেৰুৱাই দিশহাৰা মাজুলীৰ 12 হাজাৰ পৰিয়াল - মাজুলী জিলা

মাজুলীত ব্ৰহ্মপুত্ৰ (Brahmaputra River)ৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ইতিমধ্যে নদীখনৰ খহনীয়াত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি নদী খনত বিলীন হৈ গৈছে ৷ ফলত বহু পৰিয়ালে মঠাউৰিৰ ওপৰতে দূর্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷

Danger Erosion in Bhramhaputra River At Majuli
মাজুলীৰ 12 হাজাৰ পৰিয়ালৰ কি হ'ব ?
author img

By

Published : Jun 22, 2021, 1:54 PM IST

Updated : Jun 22, 2021, 2:24 PM IST

মাজুলী,22 জুন: বাৰিষা আহিলেই শংকিত হৈ পৰিবলগীয়া হয় ৰাজ্যৰ নৈ পৰীয়া ৰাইজ ৷ বছৰ বছৰ ধৰি ৰাজ্যখনত সৃষ্টি হোৱা বান পৰিস্থিতিত হাজাৰ হাজাৰ কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি হেৰুৱাই সৰ্বাশ্ৰান্ত হ'বলগীয়া হৈছে নৈ পৰীয়া ৰাইজে ৷ কি কংগ্ৰেছ, কি বিজেপি, কোনো এখন চৰকাৰেই ব্ৰহ্মপুত্ৰ নদী (Brahmaputra River)কে ধৰি বিভিন্ন নৈত গৰাখহনীয়া তথা বান পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ উচিত ব্যৱস্থা নোলোৱাৰ ফলতেই প্ৰতিবছৰেই দুৰ্ভোগ ভূগীবলগীয়া হৈছে ৰাইজে ৷

মাজুলীৰ 12 হাজাৰ পৰিয়ালৰ কি হ'ব ?

লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি প্ৰায় সংখ্যক জিলাতে প্ৰতি বছৰে সৃষ্টি হয় ভয়ংকৰ বান পৰিস্থিতি ৷ উক্ত বানত ইতিমধ্যে হাজাৰ হাজাৰ লোকে ঘৰ মাটি ভেটি হেৰুৱাই মঠাউৰিৰ ওপৰতে দূৰ্বষহ জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সমান্তৰালকৈ মাজুলী জিলাতো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া (Brahmaputra erosion) আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী (Flood)ত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি নদী খনত বিলীন হৈছে ৷

ইফালে মাজুলীৰ ৬, ৭ খনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া (erosion) ত জাহ যোৱাত বহু পৰিয়ালে কমলবাৰী পৰা বনগাঁওস্থিত মাথাউৰিতে জুপুৰী তথা টম্বু টানি কণ কণ লৰা ছোৱালীৰ সৈতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ ঘৰ মাটি ভেটি হেৰুৱাই দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক ৷

ইফালে পূৰ্বৰ কংগ্ৰেছ (Congress) চৰকাৰৰ লগতে বৰ্তমানৰ বিজেপি (BJP)ৰ স্থানীয় বিধায়ক (MLA) তথা প্ৰাক্তন মুখ্যমন্ত্ৰী (Ex Chief Minister) সৰ্বানন্দ সোণোৱালক গৰাখহনীয় প্ৰতিৰোধৰ বাবে উচিত ব্যৱস্থা লোৱাৰ লগতে খহনীয়াত উচন হোৱা পৰিয়াল সমূহৰ বাবেও ব্যৱস্থা লবলৈ আহ্বান জনাইছিল বানাক্ৰান্ত ৰাইজে ৷

অতি দুখৰ বিষয় যে জিলাখনৰ পৰা দুবাৰকৈ বিধায়ক হোৱাৰ লগতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল যদিও মাজুলী বাসীৰ সমস্যা সমস্যা হৈয়ে থাকিল ৷

সেয়ে বাৰিষা আহিলেই চিন্তিত হৈ পৰে মাজুলী জিলাখনত প্ৰায় 12 হাজাৰতাকৈ পৰিয়াল । ব্ৰহ্মপুত্ৰ নদী (Brahmaputra River)ৰ গৰা খহনীয়াৰ সৰ্বশ্ৰান্ত হোৱা লোকৰ কথা চিন্তা কৰিবলৈ যেন চৰকাৰৰ লগতে কোনো এজন জনপ্ৰতিনিধিৰ সময় নাই। অন্যজিলাৰ কথাটো বাদেই দিলো মাজুলীতে আছে খহনীয়াত উচন হোৱা প্ৰায় 12 হাজাৰটা ভূমিহীন পৰিয়াল ৷

অতিশীঘ্ৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াত উচন হোৱা পৰিয়ালক এডোখৰ কৈ ভূমি (Land) দিয়াৰ ব্যৱস্থা কৰাৰ লগতে একোটাকৈ চৰকাৰী ঘৰ দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰ খনলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Last Updated : Jun 22, 2021, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.