মাজুলী,৬ এপ্ৰিল : "বিজেপি চৰকাৰে ৰূপায়ণ কৰা প্ৰতিখন আঁচনিতে দুৰ্নীতি সংঘটিত হৈছে ।" এই অভিযোগ মাজুলীবাসীৰ । মাজুলীৰ ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়তৰ পৰা আৰম্ভ কৰি চৰকাৰৰ প্ৰতিটো বিভাগতে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । আঁচনি ৰূপায়ণৰ নামত একাংশ বিষয়া আৰু কৰ্মচাৰী এই দুৰ্নীতিত জড়িত হৈ থকাৰো অভিযোগ ৰাইজৰ (Corruption in Majuli)।
পঞ্চদশ বিত্ত আয়োগৰ অধীনত শৌচালয়ৰ টেংকীৰ কাষত ছফ্ট পিট নিৰ্মাণ আঁচনিৰ নামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে মাজুলীৰ একাংশ লোকে (Corruption in Soft pit construction scheme)।
উল্লেখ্য যে স্বচ্ছ ভাৰত অভিযানৰ লগতে ৰাজ্যখনৰ প্ৰতিটো অঞ্চল পৰিষ্কাৰ আৰু স্বাস্থ্য সন্মত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে চৰকাৰে । প্ৰতিটো পৰিয়ালত থকা শৌচালয়ৰ টেংকীৰ কাষত ছফ্ট পিট নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে এক বিশেষ আঁচনি আৰম্ভ কৰিছে । কিন্তু এই আঁচনিৰ অংশস্বৰূপে ছফ্ট পিট নিৰ্মাণত শ্ৰীৰাম পঞ্চায়তৰ সভাপতিৰ ঘনিষ্ঠ ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে (Corruption of Panchayat Contractors in Majuli)।
এই আঁচনি ৰূপায়ণ বা এটা ছফ্ট পিট নিৰ্মাণৰ বাবদ ৪৬৭৫ টকাকৈ খৰচ কৰিব লাগিছিল যদিও উজনি মাজুলীৰ শ্ৰীৰাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডত পাঞ্চায়তৰ ঠিকাদাৰে নিৰ্মাণ কৰা কামৰ নমুনা অতি দুৰ্বল বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে । অভিযোগ অনুসৰি এটা ছফ্ট পিট নিৰ্মাণৰ নামত ঠিকাদাৰে খৰচ কৰিছে প্ৰায় ৫০০ ৰ পৰা ১০০০ টকা ।
বাকী টকা ঠিকাদাৰ আৰু পঞ্চায়তৰ প্ৰতিনিধিয়ে লুণ্ঠন কৰাৰো অভিযোগ কৰিছে আঁচনিৰ হিতাধিকাৰীসকলে । আনহাতে চৰকাৰী নক্সা মতে প্ৰস্তুত কৰা নাই ছফ্ট পিট (Soft pit construction corruption)। কেৱল টকাৰ লোভত ঠিকাদাৰে নিজ ইচ্ছা মতে কাম কৰাৰ অভিযোগ কৰিছে লোকসকলে । পঞ্চায়তটোৰ ২ নং ৱাৰ্ডত চলি থকা এই অনিময় আৰু দুৰ্নীতিক লৈ ক্ষোভ প্ৰকাশ কৰিছে সাধাৰণ জনতাই । স্থানীয় ৰাইজৰ দাবী এই গোটেই বিষয়টোৰ ওপৰত প্ৰশাসনে এক উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে ।
লগতে পঢ়ক :Clerk Caught Taking Bribe: টকাৰ খঁক: এইবাৰ বিশ্বনাথত উৎকোচ লৈ হাত দাঙিলে কেৰাণীয়ে