মাজুলী, 31 অক্টোবৰ : মাজুলী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত, মাজুলী ব্লক কংগ্ৰেছ আৰু উজনি মাজুলী ব্লক কংগ্ৰেছৰ লগতে যুৱ কংগ্ৰেছকে ধৰি সমূহ ভাতৃ সংগঠনৰ সহযোগত সত্যাগ্ৰহ ৷ কেন্দ্ৰীয় বিজেপি চৰকাৰে অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী ভাৱে গ্ৰহণ কৰা কৃষক বিৰোধী ক’লা আইনৰ বিৰুদ্ধে কৃষক অধিকাৰ দিৱস পালনৰে গড়মূৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত ২ ঘন্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে ।
সভাত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক আৰু মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগুৱে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কেৱল পুঁজিপতিৰ বাবে কাম কৰা দুখীয়া কৃষক বিৰোধী নেতা হিচাপে অভিহিত কৰি সৰ্বকালৰ ব্যৰ্থ প্ৰধানমন্ত্ৰী বুলি সমালোচনা কৰে ৷ ইয়াৰ লগতে কৃষক সকলক অন্যায় কৰাৰ বাবে অনাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কৃষক শ্ৰমিক শ্ৰেণীৰ ৰাইজে বিজেপিক পৰাভূত কৰি কৃষকৰ বাবে কাম কৰা, শ্ৰমিক সকলৰ বাবে কাম কৰা কংগ্ৰেছ দলক পুনৰ চৰকাৰৰ নেতৃত্ব ল’বলৈ বিপুল ভোটত জয়ী কৰাব বুলি উল্লেখ কৰে ।
সভাত ৰামেশ্বৰ দলে , দধি বৰুৱা, কোষেশ্বৰ বৰা, হিতেশ্বৰ বৰা , ৰাণা পাংগিং , ফিজু দত্ত, অমল পূজাৰী , সুভাষ পাতিৰ , জিতুমন শইকীয়া , জোনালী নাথ , দিপ্তী শইকীয়া, প্ৰভা দেৱী , দিমণি দত্ত , বিষ্ণু কমল পায়েংৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে । উল্লেখ্য যে, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ মৃত্যু দিৱস উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে ৷
লগতে পঢ়ক : একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিবঃ নৰেন্দ্ৰ মোডী