মাজুলী,22 ফেব্ৰুৱাৰীঃ দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত উপস্থিত হয় গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসালয়খনত নৱনিৰ্মিত ব্লাড বেংকটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
মাজুলী স্বাস্থ্যখণ্ডত এক নতুন সংযোজন ঘটাই দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি ৰাইজৰ বাবে মুকলি কৰা হয় ব্লাড বেংকটো ৷ ১ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্লাড বেংকটোৱে বহুদিনীয়া অভাৱ পূৰণ কৰিব ৰাইজৰ । পূৰ্বে উন্নত সেৱা তথা ৰক্তৰ অভাৱৰ বাবে অঞ্চলটোৰ ৰোগীসকলে নদী পাৰ হৈ যোৰহাটলৈ যাব লাগিছিল ৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে সাংসদ তপন গগৈ, প্ৰদান বৰুৱা আদিয়ে ৷
লগতে চাওকঃখানাপাৰাত 'গুৱাহাটী মাৰাথন'ৰ প্ৰম’ ৰাণ