ETV Bharat / state

বুধবাৰৰ পৰা আৰম্ভ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান - পাঠ্যক্ৰম

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান কাৰ্যসূচী আৰম্ভ ৷ বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই পাঠদানৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

classes will start in majuli university of culture
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান
author img

By

Published : Feb 2, 2021, 9:46 PM IST

মাজুলী,2 ফেব্ৰুৱাৰী : বুধবাৰৰ পৰা আৰম্ভ হ’ব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান কাৰ্যসূচী ৷ সজাই-পৰাই তোলা হৈছে পূৱ মাজুলী মহাবিদ্যালয়ৰ বহু আকাংক্ষিত এই বিশ্ববিদ্যালয়খন ৷

জানিব পৰা মতে, পুৱা 10.30 বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৱ মাজুলী মহাবিদ্যালয়ত উপস্থিত হৈ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অস্থায়ী গৃহৰ দুৱাৰ উদঘাটন আৰু নিয়মীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । তাৰপাচত এক সভাত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জে পি বাৰ্মা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান

ইতিমধ্যে বিশ্ববিদ্যালয়খনে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰিব খোজা পাঠ্যক্ৰমসমূহৰ বিভিন্ন বিভাগত শিক্ষক নিযুক্তি আৰু নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে । 2020-21 শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনে অসমীয়া আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ লগতে ঐতিহ্য অধ্যয়ন, যোগা, মুখা আৰু ভাস্কৰ্য শিল্প আৰু সাঁচিপাত সংৰক্ষণ বিষয়ত স্নাতকোত্তৰ ডিপ্লমাৰ পাঠদান আৰম্ভ কৰিব । তদুপৰি, বিশ্ববিদ্যালয়ে মিচিং ভাষা শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰম প্ৰৱৰ্তনৰ যো-জা কৰি ইয়াৰ নামভৰ্তি সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক : লেঙেৰীজানত চাহ শ্ৰমিকৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.