ETV Bharat / state

Land Distput of Majuli: মাজুলীত দুখন গাঁৱৰ ৰাইজৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত - Island of Majuli

এডোখৰ ভূমিক লৈ মাজুলীত দুখন গাঁৱৰ ৰাইজৰ মাজত সংঘাত ৷ বালি জকাইবোৱা আৰু চানং গাঁৱৰ ৰাইজৰ মাজত এই সংঘাত ৷ আৰক্ষীৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷

Land Distput of Majuli
মাজুলীত দুখন গাঁৱৰ ৰাইজৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 4:23 PM IST

মাজুলীত দুখন গাঁৱৰ ৰাইজৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত

মাজুলী, 13 নৱেম্বৰ : এডোখৰ ভূমিক লৈ মাজুলীত দুখন গাঁৱৰ ৰাইজৰ মাজত সংঘাত ৷ বালি জকাইবোৱা আৰু চানং গাঁওবাসীৰ মাজত এই সংঘাত হয় ৷ যাৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰিব লগীয়া হয় ৷ উল্লেখ্য যে, খেৰিকটিয়া নদীৰ দক্ষিণ পাৰে আছে বালি জকাইবোৱা গাঁও আৰু উত্তৰ পাৰত আছে চানং গাঁও ৷

ঘটনা অনুসৰি, দেওবাৰে বালি জকাইবোৱা গাঁৱৰ লোকে কৰা মাহৰ খেতিৰ ভূমিত সীমাৰ খুঁটি পুটিছিল চানং গাঁৱৰ ৰাইজে ৷ যাৰ বাবে এই উত্তপ্ত পৰিস্থিৰ সৃষ্টি হয় ৷ চানং গাঁৱৰ অভিযোগ অনুসৰি, খেৰকটিয়া নদীৰ খহনীয়াৰ বাবে কৃষিভূমি হেৰুৱালগীয়া হৈছিল চানং গাঁৱৰ খেতিয়কে ৷ বিপৰীতে বালি জকাইবোৱাৰ দিশত বৃদ্ধি পাইছিল কৃষি ভূমি আৰু নদীখনে চানং গাঁৱৰ দিশে গতি কৰিছে ৷ সেয়ে বালি জকাইবোৱা গাঁৱৰ ৰাইজে মাহ খেতি কৰা ভূমি পূৰ্বেতে চানং গাঁৱৰ ৰাইজৰ ভূমি আছিল বুলি দাবী কৰে চানং গাঁওবাসীয়ে ৷

আনহাতে চানং গাঁৱৰ ৰাইজৰ অভিযোগক নস্যাৎ কৰি বালি জকাইবোৱা গাঁৱৰ ৰাইজৰ অভিযোগ- দীৰ্ঘদিনে উক্ত ভূমিত খেতি কৰি আহিছে বালি জকাইবোৱা ৰাইজে ৷ কেনেকৈ সেই ভূমি চানং গাঁৱৰ হ’ল বুলি প্ৰশ্ন কৰে বালি জকাইবোৱা গাঁৱৰ ৰাইজে ৷ ফলত আৰম্ভ হয় এই সংঘাত ৷ যাৰ বাবে দেওবাৰে চানং গাঁৱৰ ৰাইজে হাতে-হাতে লাঠি লৈ ওলাই আহিল খেৰকটিয়া নদীৰ পাৰলৈ ৷ যেন ভাৰত-পাকিস্তানৰ সীমা বিবাদহে চলিছে মাজুলীৰ এই দুখন গাঁৱৰ ৰাইজৰ মাজত ৷

আনহাতে চানং গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি, দেওবাৰে পুৱাৰ ভাগত বালি জকাইবোৱা গাঁৱৰ ৰাইজে জ্বলাই দিছিল চানং গাঁৱৰ লোকৰ গোহালি, গছ কাটি পথ বন্ধ কৰি দিছে । যাৰ বাবে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ ইয়াৰ পিচতে ঘটনাস্থলীত মাজুলী জিলা আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া উপস্থতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে উক্ত ভূমি বিবাদৰ সমস্যা অহা শুকুৰবাৰে আলোচনাৰ মাজেৰে সমাধান কৰা হ’ব বুলি উল্লেখ কৰে প্ৰশাসনৰ লোকে ৷

লগতে পঢ়ক:Wooden bridge for communication: দলঙৰ অৱস্থা বেয়া, গাড়ী এৰি খোজ ল’লে বিধায়ক সহিতে বিষয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.