মাজুলী, 2 আগষ্ট : ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ চলিছে ৷ উপ নিৰ্বাচনৰ এই ঢৌৰ মাজতে মাজুলী সমষ্টিটো বিশেষ সমষ্টিৰূপে পৰিগণিত হৈছে । এই সমষ্টিকে প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল ৷ এতিয়া মাজুলী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল(Ex CM Sarbananda Sonowal)ৰ উত্তৰসুৰী বিচাৰি বিজেপি দলে হাতত লৈছে নতুন নতুন ৰণনীতি ৷
পিছে, বিজেপিৰ অশ্বমেধৰ ঘোৰা ৰুধিবলৈ মাজুলীত এতিয়া তৃণমূল পৰ্যায়ত কাম হাতত লৈছে কংগ্ৰেছ দলে ৷ ইতিমধ্যেই দলটোৱে মাজুলীলৈ প্ৰেৰণ কৰিছে বিশেষ পৰ্যবেক্ষকৰ দল ৷ ৪ দিনীয়াকৈ মাজুলীত বাহৰ পাতি মাজুলীৰ গাঁৱে গাঁৱে প্ৰদেশ কংগ্ৰেছৰ পৰ্যালোচনা সমিতিৰ এই দলটোৱে ভোটাৰ ৰাইজৰ মাজত সোমাবলৈ যত্ন কৰিছে । প্ৰদেশ কংগ্ৰেছৰ পৰ্যালোচনা সমিতিৰ দলটোত আছে সভাপতি প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, প্ৰশান্ত বৰুৱা আৰু দাদু টায়ে ।
৯৯ নং মাজুলী সমষ্টি পুনৰ উদ্ধাৰ কৰাৰ বাবে কংগ্ৰেছে নতুন ৰণকৌশল আৰু সংকল্প হাতত লৈ আগবাঢ়িব বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ নেতা অপূৰ্ব ভট্টাচাৰ্যই ৷
ইফালে এটা দিনৰ পূৰ্বে বিজেপি চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৱেও মাজুলীলৈ গৈ মাজুলীৰ দলীয় কৰ্মী সকলৰ লগত এক আলোচনাত মিলিত হয় । বিজেপি-কংগ্ৰেছৰ ক্ষমতা লাভৰ এই যুদ্ধৰ মাজতে বিশেষভাৱে চৰ্চিত হৈছে মাজুলীৰ প্ৰাক্তন বিধায়ক তথা একালৰ প্ৰতাপী কংগ্ৰেছী মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ নাম ৷ প্ৰাক্তন মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী হিচাপে গেৰুৱা দলটোৱে ৰাজীৱ লোচন পেগুক প্ৰক্ষেপ কৰিব বুলি বিশেষভাৱে চৰ্চা হৈছে সমষ্টিটোত ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ নেতা গৰাকীয়ে এই সুযোগ লাভ কৰিলে আচৰিত হ’ব লগীয়া নাথাকিব বুলিও সচেতন মহলে মত পোষণ কৰিছে ৷
লগতে পঢ়ক : মিজোৰামৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে নেকি অসমে ?