ETV Bharat / state

হ্ৰাস হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, বন্ধ হ'ব নেকি কমলাবাৰী-নিমাতী ফেৰী সেৱা ?

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:29 PM IST

Brahmaputra water level decreased: দ্ৰুতগতিত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ মাজুলীবাসীৰ যাতায়াতৰ একমাত্ৰ ভৰসা ফেৰীসেৱা বন্ধ হোৱাৰ উপক্ৰম । সমস্যাত পৰিছে মাজুলীবাসী ।

Majuli Ferry service
বন্ধ হ'ব নেকি কমলাবাৰী-নিমাতী ফেৰী সেৱা

বন্ধ হ'ব নেকি কমলাবাৰী-নিমাতী ফেৰী সেৱা

মাজুলী,২৬ ডিচেম্বৰ : অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ফলস্বৰূপে সমস্যাত পৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ । ঠায়ে ঠায়ে নৈৰ পানী শুকাই যোৱাৰ ফলত জাহাজ আৰু ফেৰীসমূহৰ চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত বিশেষকৈ মাজুলীবাসীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । মাজুলীৰ কমলাবাৰী আৰু নিমাতীৰ মাজৰ ফেৰী সেৱা বন্ধৰ উপক্ৰম হৈছে ।

জানিব পৰা মতে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে কমলাবাৰী ঘাটৰ সমীপত প্ৰতিখন যাত্ৰীবাহী ফেৰী ১০ পৰা ১৫ মিনিট পযর্ন্ত আবদ্ধ হ'বলগা হৈছে । নৈৰ মাজত বৃহৎ অঞ্চলত বালিৰ চাপৰিৰ সৃষ্টি হোৱা দেখা গৈছে । সম্প্ৰতি চলাচল কৰি থকা ডাঙৰ জাহাজবোৰ প্ৰায়ে নৈৰ মাজত যাত্ৰাপথত আবদ্ধ হোৱা দেখা গৈছে । ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ ফলত জলপথসমূহ সংকীৰ্ণ হৈ পৰিছে । ফলত সেই পথেৰে এখন ফেৰী আহিলে আনখন ফেৰী নদীৰ মাজত আবদ্ধ হৈ থাকিব লাগে বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে জনাইছে ।

ইফালে যি হাৰত ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে সম্ভৱত আৰু কিছু দিন পিচতে কমলাবাৰী নিমাতীৰ মাজত ফেৰীৰ চলাচল বন্ধ হৈ পৰিব ! যদি নৈৰ খনন কাৰ্য সোনকালে আৰম্ভ কৰা নহয় তেতিয়া ফেৰী সেৱা বন্ধ হ'ব বুলিও আশংকা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে । এই ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে বিপদত পৰিব মাজুলীৰ দুই লক্ষাধিক লোক । কিয়নো মাজুলীৰ দুই লক্ষাধিক লোকৰ দক্ষিণ পাৰৰ সৈতে সংযোগৰ একমাত্ৰ সম্বল হৈছে এই ফেৰী সেৱা । ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ লগে লগে বিভিন্ন প্ৰকাৰৰ জলচৰ প্ৰাণীৰ অস্তিত্বৰ প্ৰতিটোও সংকট নামি আহিছে ।

লগতে পঢ়ক:অস্তিত্ব সংকটত ধেমাজিৰ পাভমাৰী আৰু লেচিয়া জলাশয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.