ETV Bharat / state

Borgeet practitioner Upen Borgayan:বৰগীতৰ সাধক উপেন বৰগায়নৰ বৰগীতৰ শুভ উন্মোচন - বৰগীত

বৰগীতৰ সাধক উপেন বৰগায়নৰ বৰগীতৰ শুভ উন্মোচন ৷ উত্তৰ কমলাবাৰী সত্ৰৰ ৰংগমঞ্চত শুভ উন্মোচন কৰিলে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়াই ৷

borgeet practitioner upen borgayan borgeet launch
বৰগীতৰ শুভ উন্মোচন
author img

By

Published : Jul 24, 2023, 10:53 PM IST

বৰগীতৰ শুভ উন্মোচন

মাজুলী, 24 জুলাই : জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টি বৰগীত । এই কালজয়ী সৃষ্টি উত্তৰ কমলাবাৰী সত্ৰই সুদীৰ্ঘ দিনে ঐকান্তিক দায়বদ্ধতা আৰু সাধনাৰে সত্ৰীয়া সংস্কৃতিৰ অমূল্য উপাদানসমূহ গুৰু-শিষ্য পৰম্পৰা আৰু ধাৰাবাহিক চৰ্চাৰে নিভাঁজ ৰূপত ধৰি ৰাখিছে । মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰে বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক অধ্যাপক উপেন বৰগায়নৰ কন্ঠত কমলাবৰীয়া থুলৰ আৰ্হিৰে পুৱাৰ ভাগৰ চলনৰ এটি বৰগীত "চলৰে চল বন্ধু উদ্ধৱ হে" ৰ শুভ উন্মোচন হয় ৷

উত্তৰ কমলাবাৰী সত্ৰৰ নৱনিৰ্মিত সাংস্কৃতিক ভৱনত অনুষ্ঠিত গুৰুগাম্ভিৰ্য সভাত উন্মোচক হিচাপে উপস্থিত থাকে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়া । সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত উপেন বৰগায়নৰ অনবদ্য অৱদানৰ উচ্ছ প্ৰশংসা কৰাৰ লগতে কমলাবাৰী থুলৰ এই বৰগীতে অধিক সমাদৰ লাভ কৰাটো নিশ্চিত বুলি বক্তব্য আগবঢ়াই । কমলাবাৰী সত্ৰৰ উদাসীন বৈষ্ণৱ সকলৰ সংস্কৃতিৰ সাধনাৰ কথা উল্লেখ কৰি বহুকেইজন প্ৰয়াত শিল্পীৰ নাম উল্লেখ কৰি তেৰাসকলৰ প্ৰতিভাৰ কথা উল্লেখ কৰে । ইয়াৰ পাচতে মনিৰাম বৰগায়নৰ হৰিধ্বনিৰে চলৰে চল বন্ধু উদ্ধৱ হে বৰগীত ভাগি শুভ উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ।

উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নে আতঁধৰা সভাখনত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে অধ্যাপক নন্দেশ্বৰ বৰবায়ন আৰু কৃষ্ঠি সংঘৰ সভাপতি অধ্যাপক মনিৰাম বৰগায়ন । সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বৰা বুঢ়াভকত, মাজুলী ৰাজহ চক্ৰ বিষয়া জয়দেৱ ৰজক, উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ সাধক ভবেন বৰবায়ন, শিল্পী উপেন বৰগায়নৰ পিতৃ মথুৰা বৰা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক উপেন বৰগায়ন বৰা আদি বহুকেইজন গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে ।

সত্ৰত পুৱাৰে পৰা সন্ধিয়ালৈকে চৈধ্য প্ৰংসগত বৰগীত কেনেদৰে পৰম্পৰাগতভাৱে পৰিৱেশন হৈ আহিছে ইয়াৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে শিল্পী উপেন বৰগায়নৰ সুমধুৰ কন্ঠত এই বৰগীত ভাগিয়ে অনন্য মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰে । সভাত ৰাজহ চক্ৰ বিষয়া জয়দেৱ ৰজক আৰু নন্দেশ্বৰ বৰবায়নেও বক্তব্য প্ৰদান কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড৹ যাদৱ চন্দ্ৰ বৰাই উল্লেখ কৰে যে ১৯৬৫ চনতে প্ৰয়াত খগেশ্বৰ বৰগায়ন চেনীৰাম বৰবায়ন আতৈৰ বহুতো বৰগীত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বানীবদ্ধ কৰিছিল যদিও কি কাৰণত সেয়া মছি পেলোৱা হ’ল সেয়া অতি ৰহস্যজনক । শেষত শিল্পী উপেন বৰগায়নে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৰগীত ভাগি আদৰি ল’বলৈ সকলোকে আহ্বান জনায় । উক্ত সভাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অয়োজন কৰা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰা দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকো উপস্থিত থাকে ।

লগতে পঢ়ক : 10th All Assam Bhaona Samaroh : 19 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব দশম সদৌ অসম ভাওনা সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.