ETV Bharat / state

মাজুলীৰ প্রথম গৰাকী সাংবাদিকৰ আত্মজীৱনী প্ৰকাশ - Guna Hatimatas Autobiography

মাজুলীত অনুষ্ঠিত হোৱা এক গ্ৰন্থ উন্মোচনী সভাত মাজুলীৰ প্রথম গৰাকী সাংবাদিক গুণ হাটীমতাৰ আত্মজীৱনীখন উন্মোচন কৰা হয় ৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰভাত বুঢ়াভকতে উন্মোচন কৰে আত্মজীৱনীখন ৷

book-unveiling-ceremony-at-majuli
মাজুলীৰ প্রথম গৰাকী সাংবাদিকৰ আত্মজীৱনী প্ৰকাশ
author img

By

Published : Mar 15, 2022, 5:51 PM IST

মাজুলী, 15 মাৰ্চ : মাজুলীৰ ইংৰাজী সাংবাদিকতাৰ বাটকটীয়া গুণ হাটীমতা ৷ মাজুলীত অনুষ্ঠিত হোৱা এক গ্ৰন্থ উন্মোচনী সভাত (Book unveiling ceremony held at Majuli) শিক্ষক, সাহিত্যিক গুণ হাটীমতাৰ আত্মজীৱনী (Guna Hatimata’s Autobiography) ‘নগাভূমিৰ পৰা স্বভূমিলৈ’ প্ৰকাশৰ ব্যৱস্থা কৰে তেখেতৰ পুত্ৰ কোশদ্বীপ হাটীমতাই ৷

এই আত্মজীৱনীখন উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰভাত বুঢ়াভকতে ৷ গুণ হাটীমতা এক সৃষ্টিশীল সত্বা ৷ কলেজীয়া শিক্ষা সাং কৰি গুণ হাটীমতাই 1974 চনত ঢাপলি মেলিছিল নগাভূমিত শিক্ষাৰ পোহৰ বিলাবলৈ । 1977 চনত গুণ হাটীমতাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাংবাদিকতাৰ ডিপ্লোমা লাভ কৰি ৰাষ্ট্ৰীয় কেবাখনো ইংৰাজী সংবাদ পত্ৰত সাংবাদিকতা কৰে ।

মাজুলীৰ প্রথম গৰাকী সাংবাদিকৰ আত্মজীৱনী প্ৰকাশ

গুণ হাটীমতাই নগাভূমিত থকি তিনিখনকৈ গ্ৰন্থ লিখি উলিয়াই ৷ তাৰ ভিতৰত গুণ হাটীমতাই ইংৰাজীত লিখা "ওৱান ষ্টেট এণ্ড এ কন্সপিৰেচি" নামৰ গ্ৰন্থখনে সমগ্ৰ নগাভূমিত তোলপাৰ লগাইছিল । তেখেতৰ নিজ গৃহতে উন্মোচিত এই আত্মজীৱনীখনত গুণ হাটীমতাৰ বহু অকথিত অধ্যায় পোহৰলৈ আহিছে ৷

লগতে পঢ়ক : অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.